মঙ্গলদৈ মহাবিদ্যালয়ত ‘অসমৰ মধ্যযুগৰ সাঁচীপতীয়া পুথিৰ প্ৰস্তুত প্ৰণালী, চিত্ৰায়ণ আৰু সংৰক্ষণ’ বিষয়ত এদিনীয়া কৰ্মশালা সম্পন্ন

মঙ্গলদৈ মহাবিদ্যালয়ত ‘অসমৰ মধ্যযুগৰ সাঁচীপতীয়া পুথিৰ প্ৰস্তুত প্ৰণালী, চিত্ৰায়ণ আৰু সংৰক্ষণ’ বিষয়ত এদিনীয়া কৰ্মশালা সম্পন্ন

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলদৈ মহাবিদ্যালয়ৰ বিজ্ঞান ভৱণত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সহযোগিতাত ২৭ জুনত মহাবিদ্যালয়খনৰ ইতিহাস বিভাগৰ দ্বাৰা “অসমৰ মধ্যযুগৰ সাঁচীপতীয়া পুথিৰ প্ৰস্তুত প্ৰণালী, চিত্ৰায়ণ আৰু সংৰক্ষণ” বিষয়ত এদিনীয়া কৰ্মশালা এখন অনুষ্ঠিত হৈ যায় । ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড° আঙ্গিৰসে সঞ্চালনা কৰা কৰ্মশালাখনৰ উদ্বোধনী তথা আদৰণি বক্তৃতা দিয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলাকান্ত বৰাই ।অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক ড৹ ধ্ৰুৱজ্যোতি হাতীবৰুৱাই সমল ব্যক্তি ৰূপে অংশ গ্ৰহন কৰি ইতিহাস গৱেষণাৰ এক অগ্ৰণী অনুষ্ঠান ৰূপে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়। তেওঁ নতুন প্ৰজন্মৰ বিশেষকৈ ইতিহাসৰ ছাত্ৰ-ছাত্ৰীৰ কৰ্মশালাৰ বিষয় বস্তু সন্দৰ্ভত পালনীয় দায়িত্বৰ বিষয়ে সোঁৱৰাই দিয়ে । অনুষ্ঠানত সাঁচীপাত বিশেষজ্ঞ হিচাপে অংশ গ্ৰহণ কৰি মৃদু মৌচম বৰাই ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰচলিত থকা প্ৰাচীন লিখন সামগ্ৰীসমূহৰ উল্লেখ কৰি অসমৰ মধ্যযুগত বহুল ভাৱে ব্যৱহৃত সাঁচিপতীয়া পুথিৰ প্ৰস্তুত প্ৰণালী ফটো সহকাৰে বিতংকৈ বৰ্ণনা কৰে । তেওঁ সাঁচিপাতত লিখিবলৈ চিঞাহী বা মহীৰ প্ৰস্তুত প্ৰণালী প্ৰদৰ্শন কৰে।অসমৰ কিছুমান সাঁচীপতীয়া পুথিত থকা চিত্ৰ সমূহৰ অংকন প্ৰণালী, চিত্ৰসমূহৰ অংকন শৈলীৰ বিভিন্ন শ্ৰেণীৰ বিষয়ে অৱগত কৰাৰ লগতে পুথিসমূহৰ সংৰক্ষণৰ বিভিন্ন পৰম্পৰাগত তথা আধুনিক ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰে । উপস্হিত ছাত্ৰ-ছাত্ৰী সকলে প্ৰাসংগিক বিভিন্ন প্ৰশ্নৰে সমল ব্যক্তি তথা বিশেষজ্ঞ গৰাকী সকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ গ্ৰন্ঠাগাৰিক প্ৰদীপ চৌধুৰী ,টাই-আহোম ভাষাৰ বিষয়া সম্প্ৰীতি ফুকন,খ্যাতিমান ফটোগ্ৰাফাৰ প্ৰৱাল প্ৰতীম গগৈ উপস্থিত থাকি সংশ্লিষ্ট প্ৰসংগত সহায় আগবঢ়ায়। উক্ত অনুষ্ঠানতে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ আৰু মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মাজত বিদ্যায়তনিক আদান প্ৰদানৰ বাবে এখন “মেমৰেণ্ডাম অৱ আন্দাৰষ্টেণ্ডিং (MoU) স্বাক্ষৰিত হয় । ইতিহাস বিভাগৰ সহযোগী অধ্যাপিকা ড° সংগীতা গগৈ আৰু সহকাৰী অধ্যাপক ড° মৃদুল ডেকাই যাৱতীয় সহযোগিতা আগবঢ়োৱা উক্ত কৰ্মশালাত মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা সমন্বিতে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ।