মঙ্গলদৈৰ মহৰ্ষি বিদ্যামন্দিৰ প্ৰতিষ্ঠানত বজৰং দলে প্ৰশিক্ষণ দিয়া কাৰ্যত গৰিহণা

মঙ্গলদৈৰ মহৰ্ষি বিদ্যামন্দিৰ প্ৰতিষ্ঠানত বজৰং দলে প্ৰশিক্ষণ দিয়া কাৰ্যত গৰিহণা

ৰঙিলী বাৰ্ত্তাসেৱা-  মঙ্গলদৈৰ মহৰ্ষি বিদ্যামন্দিৰ নামৰ শিক্ষা প্ৰতিষ্ঠান এখনত উগ্ৰ সাম্প্ৰদায়িক সংগঠন বজৰং দলক সকলো আইন-কানুন আৰু গণতান্ত্ৰিক নীতি নিয়ম লঙ্ঘন কৰি আগ্নেয় অস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা কাৰ্যক তীব্ৰ গৰিহণা জনাই  এছ ইউ চি আই (কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে এক প্ৰেছ বিবৃতিত কয় যে ৰাজ্যখনত প্ৰতি দিনেই যেতিয়া হত্যা হিংসাৰ ঘটনা মাৰাত্মকভাৱে বৃদ্ধি পাইছে, সেই সময়তে চৰকাৰৰ প্ৰত্যক্ষ সহযোগত এই ধৰণৰ আগ্নেয় অস্ত্ৰৰ প্ৰশিক্ষণে সমগ্ৰ ৰাজ্যখনেই অস্থিৰ কৰি তুলিব। ৰাজ্যখনৰ ঐক্য-সংহতি আৰু শান্তি-সম্প্ৰীতি বজাই ৰখাৰ পৰিপ্ৰেক্ষিতত এনে ধৰণৰ কাম যাতে ভবিষ্যতে নঘটে, তাৰ বাবে সকলোকে সজাগ থাকিবলৈ আৰু ইয়াৰ বিৰুদ্ধে সোচ্চাৰ হ’বলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।