মঙ্গলদৈৰ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী থিঠাতে নিহত
মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- মঙ্গলদৈৰ আৰক্ষী থানাৰ অন্তৰ্গত কাছমাৰী চ’কৰ কিছু সমীপত জাবেৰিকুছি বঙলাগড় পথত কালি এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, তীব্ৰ বেগী দুখন আৰ ওৱান আৰু পালছাৰ বাইকৰ মুখামুখি সংঘৰ্ষত দুজন বাইক আৰোহী থিঠাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰ ভাৱে আহত হয়। দুৰ্ঘটনাত নিহত যুৱক অজয় বিশ্বাসৰ ঘৰ বৰকলা বাগিচাত আৰু আনজন আইনুল হকৰ ঘৰ মঙ্গলদৈ অধিকাৰী গাঁৱত । আৰক্ষীয়ে স্হানীয় ৰাইজৰ সহযোগত ঘটনাস্হলীৰ পৰা নিহত দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ আৰু গুৰুতৰ ভাবে আহত ৰমেশ বিশ্বাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে। পথচোৱাত তীব্ৰ বেগী বাইক আৰু অন্যান্য বাহনে সৰ্বসাধাৰণ ৰাইজলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে।