মঙ্গলদৈত ন্যায়িক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি

মঙ্গলদৈত ন্যায়িক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানত দৰং জিলা ন্যায়িক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি। মঙলদৈ সত্ৰ ন্যায়াধীশৰ চৌহদত দৰং জিলা গোটৰ দিনযোৰা কাৰ্যসূচীৰে সৰ্বাত্মাক কৰ্মবিৰতি পালন। ন্যায়িক কৰ্মচাৰী সন্থাৰ বিভিন্ন দাবীৰ সফল ৰূপায়নৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আহ্বান। মাননীয় চেট্টী কমিচনৰ পৰামৰ্শৱলীৰ ভিত্তিত মহামহিম উচ্চতম ন্যায়ালয়ৰ WP(C)1022/89 গোচৰৰ 07/10/2009 তাৰিখৰ হুকুম বিগত ১৩ বছৰে কাৰ্যকৰী নোহোৱা আৰু অন্যান্য ন্যাৰ্যপ্ৰাপ্তিৰ দাবীত ন্যায়িক কৰ্মচাৰী সন্থাৰ ক্ষোভ প্ৰকাশ।সন্থাৰ  নিদিষ্ট দাবী সমূহ অনতি পলমে ৰূপায়ন নকৰিলে ভবিষ্যতে প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্ৰতৰ হ’ব বুলি নেতৃত্বৰ প্ৰকাশ।