মঙলদৈ প্ৰেছ ক্লাৱৰ সহযোগত বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ সাতদিনীয়া অসম গ্ৰন্থমেলা, মঙলদৈ
গ্ৰন্থমেলা লেখক-পাঠক-প্ৰকাশকৰ ত্ৰিবেণী সংগমঃ ড° হিতেশ ডেকা
ভাষা-সাহিত্যৰ প্ৰতি নিষ্ঠা সহকাৰে কাম কৰি আহিছেঃ ইদ্ৰিছ আলি
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰা -‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি মঙলদৈ প্ৰেছ ক্লাৱৰ সহযোগত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা আজিৰে পৰা আৰম্ভ হৈছে মঙলদৈত ৷ ইয়াৰ গান্ধী ময়দান খেলপথাৰত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা অসম গ্ৰন্থমেলা, মঙলদৈ আজি বিয়লি উদ্বোধন কৰা হয় ৷ এই উদ্বোধনী সভাখনত সন্মানীয় অতিথিপৰূপে অংশগ্ৰহণ কৰে নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাই ৷ তেওঁ ভাষণত কয় যে অসমত গ্ৰন্থ আন্দোলনে বিদ্বৎ সমাজক আশাবাদী কৰি তুলিছে ৷ এইক্ষেত্ৰত চৰকাৰৰ ভূমিকা বেছ শক্তিশালী আৰু ফলপ্ৰসূ ৷ চলিত বৰ্ষটোক ৰাজ্য চৰকাৰে গ্ৰন্থ-বৰ্ষ বুলি ঘোষণা কৰি গ্ৰন্থ-সংস্কৃতি গঢ়ি তুলিবলৈ গ্ৰহণ কৰা পদক্ষেপ সদায়ে আদৰণীয় হৈ ৰ’ব ৷ গ্ৰন্থৰ বজাৰ সম্প্ৰসাৰণ আৰু অধ্যয়নৰ সুন্দৰ বাতাৱৰণ গঢ়ি তোলাৰ বাবে অসম প্ৰকাশন পৰিষদে নিষ্ঠা সহকাৰে কাম কৰিছে ৷ এই কাৰ্যসূচীত একত্ৰ হৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থায়ো ৰাজ্যখনত সুস্থ বৌদ্ধিক পৰিৱেশ ৰচনা কৰিবলৈ দায়ৱদ্ধতা প্ৰদৰ্শন কৰিছে ৷ তেওঁ লগতে কয় যে জ্ঞান চৰ্চাৰ পৰিৱেশ ৰচনা কৰাত সহায়ক হয় গ্ৰন্থমেলাবোৰ ৷ গ্ৰন্থমেলা মানেই জ্ঞানৰ মেলা ৷ তেওঁ অসমত গ্ৰন্থমেলাৰ শুভাৰম্ভ কৰি বৌদ্ধিক আন্দোলনৰ সূচনা কৰা স্বনামধন্য সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়ালৈ শ্ৰদ্ধা নিৱেদন কৰি কয়——“গ্ৰন্থমেলা হৈছে লেখক-পাঠক-প্ৰকাশকৰ ত্ৰিবেণী সংগম ৷ ইয়াত মানুহৰ নতুন চিন্তাৰ দুৱাৰ মুকলি হয়। মোবাইল ফোন, সামাজিক মাধ্যম, কৃত্ৰিম বুদ্ধিমত্তা আহিছে হয়; কিন্তু মানৱ সভ্যতা জীয়াই থকালৈ কিতাপ থাকিব ৷ অৱশ্যে অসমত ছপা মাধ্যমৰ দুৰাৱস্থা হোৱাটো সত্য ৷ অধ্যয়নৰ প্ৰৱণতা হ্ৰাস পোৱাটোও সঁচা ৷ বহু শিক্ষক, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ বহু অধ্যাপকেও কাকত-আলোচনী ক্ৰয় কৰি নপঢ়ে ৷ আশা কৰোঁ এই বৌদ্ধিক স্থবিৰতাৰ এদিন অন্ত পৰিব ৷ অসম গ্ৰন্থমেলাই এই প্ৰতিশ্ৰুতি বহন কৰা বুলি ভাব হৈছে ৷” ড° ডেকাই অভিভাৱক সকলক ল’ৰা-ছোৱালীক মেট্ৰিক উত্তীৰ্ণ নোহোৱা পৰ্যন্ত মোবাইল ফোনৰ পৰা আঁতৰাই ৰাখিবলৈ পৰামৰ্শ দি পুনৰ কয়——“বিদ্যালয়ৰ পুথিভঁৰাললৈ যোৱাৰ অভ্যাস গঢ়ি তোলাৰ প্ৰয়োজন ৷ বিশেষকৈ মাতৃভাষাৰ প্ৰতি সৰুৰে পৰা দায়িত্ববোধ গঢ়ি উঠা দৰকাৰ ৷ অসমীয়া ভাষাটোৰ চৰ্চা কমি যোৱাটো দুৰ্ভাগ্যজনক ৷ মাতৃভাষাৰ বিপৰ্যয় হোৱা দেখিলে মোৰ বুকুৰে এখন ৰেলগাড়ী চলি যোৱা যেন লাগে ৷ মাতৃভাষা হীনমন্যতাৰ বাবে নহয় গৌৰৱবোধৰ বাবেহে মাতৃভাষা ৷” সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক, কবি-গীতিকাৰ তথা শিক্ষাবিদ ইদ্ৰিছ আলি ৷ তেওঁ মঙলদৈত অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত হ’ব বুলি আশা প্ৰকাশ কৰি নিজে একালত অসম প্ৰকাশন পৰিষদত কাম কৰাৰ স্মৃতি ৰোমন্থন কৰি কয় যে অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি নিষ্ঠা সহকাৰে কাম কৰি আহিছে প্ৰকাশন পৰিষদে ৷ পঞ্চতন্ত্ৰৰ সাধুৰ পৰা আৰম্ভ কৰি মহৎ বিদেশী সাহিত্যৰ অনুবাদ কৰ্মলৈ—— অতি সুন্দৰ কাম কৰি আহিছে ৷ চিৰস্মৰণীয় সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াই আৰম্ভ কৰা এই ধাৰা বৰ্তমানৰ সচিব প্ৰমোদ কলিতাৰ নেতৃত্বতো অব্যাহত আছে ৷ জিলা পৰ্যায়ত “অসম গ্ৰন্থমেলা” আয়োজন কৰি গ্ৰন্থ আন্দোলনৰ পূৰ্বৰ ধাৰাক অধিক শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলোৱাটো আনন্দৰ বতৰা ৷ তেওঁ অসম গ্ৰন্থমেলা, মঙলদৈ সফল কৰিবলৈ সকলো পক্ষকে আহ্বান জনায় ৷ উদ্বোধনী সভাখনত আদৰণী ভাষণ আগবঢ়াই অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে ১৯৮৪ চনত গুৱাহাটীৰ জজ খেলপথাৰত কৃতবিদ্য সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াই আৰম্ভ কৰা গ্ৰন্থমলাৰ পৰা আজিৰ এই পৰ্যায়লৈ গ্ৰন্থ আন্দোলনৰ এই যাত্ৰা বৰ দীঘলীয়া ৷ প্ৰথমতে “গুৱাহাটী গ্ৰন্থমেলা” অসম প্ৰকাশন পৰিষদে আৰু পাছত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই “উত্তৰ-পূব গ্ৰন্থমেলা” অনুষ্ঠিত কৰিছিল ৷ সম্প্ৰতি প্ৰযুক্তিৰ, বিশেষকৈ মোবাইলৰ ব্যাপক ব্যৱহাৰে ছপা মাধ্যমৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰাটো সত্য ৷ ক’ভিড মহামাৰীৰ বাবেও ছপা মাধ্যমৰ ওপৰত অতি ব্যাপকভাৱে নেতিবাচক প্ৰভাৱ পৰিছিল ৷ অসমৰ ছপা মাধ্যমো ইয়াৰ ফলত আক্ৰান্ত হৈছিল ৷ সেয়েহে গ্ৰন্থৰ উদ্যোগ আৰু গ্ৰন্থৰ আন্দোলনক একেলগে গতিশীল কৰাৰ পৰিকল্পনাৰে তেতিয়াৰ শিক্ষা মন্ত্ৰী আৰু বৰ্তমানৰ দক্ষ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক একেলগে “অসম গ্ৰন্থমেলা” অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল ৷ সেইমৰ্মে ২০২১ চনৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসম গ্ৰন্থমেলাৰ আয়োজন কৰি ৰাজ্যখনত গ্ৰন্থৰ ছপা, বিক্ৰী আৰু অধ্যয়নৰ ক্ষেত্ৰত এটা আশাব্যঞ্জক বাতাৱৰণ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল ৷ কেৱল গুৱাহাটীতে কেন্দ্ৰীভূত কৰি নাৰাখি বিভিন্ন স্থানত এই গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈও সংকল্প গ্ৰহণ কৰা হৈছিল ৷ সেইমৰ্মে বিভিন্ন জিলাত অসম গ্ৰন্থমেলাৰ আয়জন কৰি অহা হৈছে ৷ সম্প্ৰতি গ্ৰন্থমেলাই অসমত অন্য এক উৎসৱৰ ৰূপ লৈছে ৷ অসম গ্ৰন্থমেলা, মঙলদৈ এই প্ৰয়াসৰে এক অংশ ৷ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দীলিপ শইকীয়াৰ সদ্দিচ্ছা এইক্ষেত্ৰত আমাৰ বাবে উৎসাহ আৰু সাহস ৷ শিক্ষা-দীক্ষা, কৃষ্টি-সংস্কৃতিৰে ঐতিহ্যমণ্ডিত মঙলদৈত অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত হ’ব বুলি আশা প্ৰকাশ কৰি সচিব কলিতাই গ্ৰন্থমেলাখনলৈ সকলো পক্ষৰে সহযোগিতা কামনা কৰে ৷ তেওঁ লগতে কয় যে এই বৰ্ষটো চৰকাৰে গ্ৰন্থ-বৰ্ষ হিচাপে কৰা ঘোষণাক শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ প্ৰচেষ্টাৰে আমি সফল কৰিবলৈ যত্ন কৰিছোঁ ৷ এয়া এক বৌদ্ধিক আন্দোলন ৷ এই আন্দোলনক শক্তিশালী আৰু সফল কৰিবলৈ সংবাদ মাধ্যমকে আদি কৰি সকলো পক্ষৰে সহযোগিতা কামনা কৰে তেওঁ ৷ উল্লেখ্য যে সৰস্বতী শিশু নিকেতন, আউলাচৌকাৰ শিক্ষাৰ্থী সকলে পৰিৱেশ কৰা গুৰু বন্দনাৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে প্ৰবোধ দাসে ৷ ইয়াৰ পাছত আজি অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলা, মঙলদৈৰ প্ৰথম দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে পি এম শ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷
