মঙলদৈত ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভূপেন বৰাৰ সংবাদমেল
অমৰীশ পুৰীয়ে অভিনয় কৰা নায়ক চিনেমাৰ খলনায়ক নেতাজনৰ দৰে দেশ চলাইছে মোদী-হিমন্তইঃ ভূপেন বৰা
”গুৱাহাটী বিমান বন্দৰটো আদানি বিমান বন্দৰ কৰিবলৈ মোদীয়ে অসম ভ্ৰমণ কৰিছে নেকি সেয়া বিজেপিয়ে স্পষ্ট কৰক’’
”ঋণৰ বাবে তৰুণ গগৈক সমালোচনা কৰা হিমন্ত বিশ্বই ভিক্ষাৰ জোলোঙা লৈ বেংকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে’’
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অমৰীশ পুৰী আৰু অনিল কাপুৰ অভিনীত ‘নায়ক’ চিনেমাৰ খলনায়ক নেতা বলৰাজ চৌহানৰ সৈতে ৰিজালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচনী কেম্পেইনিং কমিটিৰ অধ্যক্ষ তথা এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। মঙলদৈত ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণৰ মাজতে আজি অনুষ্ঠিত এক সংবাদমেলত বৰাই মোদী আৰু অমিত শ্বাহৰ পূৰ্বৰ কেবাটাও ভাষণৰ ক্লিপ সাংবাদিকক বজাই শুনাই কয়, ”নায়ক চিনেমাত এটা টিভি চেনেলত সাক্ষাৎকাৰ লোৱা হৈছিল৷ অনিল কাপুৰে সাক্ষাৎকাৰ লৈছিল অমৰীশ পুৰীৰ৷ অমৰীশ পুৰীক এখন ইস্তাহাৰ উলিয়াই অনিল কাপুৰে সুধিছিল এইখন কোনে উলিয়াইছিল৷ তেতিয়াই অমৰীশ পুৰীয়ে কৈছিল এইখন মই প্ৰকাশ কৰিছিলো৷’’ ভূপেন বৰাই হাতত বিজেপিয়ে পূৰ্বে প্ৰকাশ কৰা ভিজন ডকুমেণ্টৰ কপি উলিয়াই কয় যে বিজেপিয়ে ইয়াত ২০১৬ চনৰ পৰা ২০২৫ চনলৈ অসমত কি কি কৰিব সেই কথা উল্লেখ কৰিছিল৷ ভিজন ডকুমেণ্টত সৰ্বানন্দ সোণোৱাল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ফটো আছে৷ ভিজন ডকুমেণ্টত অসম চুক্তিৰ কথা উল্লেখ আছে৷ যেতিয়া ‘কা’ আন্দোলনে ভৰপক পাইছিল তেতিয়া ‘কা’ আন্দোলন মষিমূৰ কৰিবলৈ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মাক লৈ এখন সমিতি গঠন কৰা হয়৷ সমিতি গঠন কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালেয়৷ কিন্তু সেই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গ্ৰহণ নকৰিলে৷ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰতিবেদন দাখিল কৰি চৰকাৰে দায় সাৰিলে৷ লখিমপুৰৰ কেবিনেটত অসম চুক্তিৰ ছয় নং দফাক তিনিটা ভাগত বিভক্ত কৰিলে৷ তেতিয়া চৰকাৰে ক’লে যে এভাগ অসম চৰকাৰে কৰিব, আন এভাগ কেন্দ্ৰীয় চৰকাৰে কৰিব আৰু এভাগ কেন্দ্ৰ-ৰাজ্য চৰকাৰে লগলাগি কৰিব৷ বৰাই আৰু কয়, ”আমি নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰিবলৈ সংবাদমেল পতা নাই৷ প্ৰকৃত কথাটো অসমৰ ৰাইজে বুজি পাব লাগে৷ ৰাইজক মনত পেলাই দিয়াটো বিৰোধী দল হিচাপে নৈতিক দায়িত্ব৷ প্ৰধানমন্ত্ৰীৰ পৰা জানিব বিচাৰিছো যে ভিজন ডকুমেণ্ট প্ৰকাশ কৰি দহ বছৰ বিচাৰিছিল৷ কিন্তু চৰকাৰ চাৰে এঘাৰ বছৰ চলি আছে৷ প্ৰধানমন্ত্ৰীয়ে কেতিয়াবা কেতিয়াবা ৫ বছৰ, ৫০ দিনৰ কথাও কৈছে৷ আজি নামৰূপৰ পৰা যোৱাৰ আগতে অসমৰ ৰাইজক কৈ যাওক যে ছয় নং দফা, অসমীয়াৰ সংজ্ঞা নিৰূপণৰ সম্পৰ্কত, অসমৰ থলুৱা ভৱিষ্যত প্ৰজন্মটোৰ সুৰক্ষা কৱচৰ বাবে আপুনি কি কৰিলে৷’’ বৰাই কয় যে অসমীয়া জাতিয়ে বিজেপিক কেৱল ১২৫০ টকাৰ বাবে ভোট দিয়া নাছিল৷ অসমীয়াৰ বাবে বিজেপিৰ আটাইতকৈ ভাললগা শ্ল’গানটো আছিল ‘বিজেপি আহিব-বিদেশী যাব৷’ এই শ্ল’গান অসমৰ প্ৰতিজন মানুহে প্ৰাণৰ পৰা ভাল পাইছিল৷ কিন্তু আজি আমি কি দেখিলো৷ বিজেপিৰ শাসনকালত ৰাতাবাৰীৰ পৰা এজন বিদেশী আহি অসম বিধানসভাত বহি আছে৷ আমাৰ ভাগ্য নিৰূপণ কৰা অসম বিধানসভাৰ ভিতৰত বাংলাদেশী বিধায়ক হৈ আছে৷ গুৱাহাটী বিমান বন্দৰটো ধুনীয়া হৈছে৷ সেয়া আমাৰ দেশৰ টকা৷ ৰাজ্যত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া আমি সেই প্ৰস্তাৱ দিছিলো৷ কিন্তু কালিৰ নৰেন্দ্ৰ মোদী, আদানি আৰু হিমন্ত বিশ্ব শৰ্মাৰ টুইটকেইটা চাব৷ তাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাম নাই৷ মুখ্যমন্ত্ৰী আৰু আদানিৰ অফিচিয়েল এক্স হেণ্ডলত সেইটোত গুৱাহাটী বিমান বন্দৰ বুলি কোৱা হৈছে৷ আদানি আৰু মুখ্যমন্ত্ৰীৰ এক্স হেণ্ডল চালে গম পাব৷ গুৱাহাটী বিমান বন্দৰটো আদানি বিমান বন্দৰ কৰিবলৈ নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিছে নেকি তাক স্পষ্ট কৰক বুলিও কয় ভূপেন বৰাই৷ মুখ্যমন্ত্ৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাম লিখিবলৈ কিয় টান পালে সেয়াও অসমক কওক৷ আজি উমৰাংছুৰ মাটি, স্মাৰ্ট মিটাৰৰ ঠিকা, বিমান বন্দৰ সকলো আদানিক দিয়া হৈছে৷ কিন্তু নৰেন্দ্ৰ মোদীয়ে শ্ল’গান দিয়ে ‘লোকেল ফৰ ভোকেল৷’ ভিজন ডকুমেণ্টত ধুবুৰীৰ পৰা শদিয়ালৈ বানমুক্ত-খহনীয়া মুক্ত কৰাৰ কথা উল্লেখ কৰিছিল বুলি উল্লেখ কৰি বৰাই কয়, ”ধুবুৰীৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰ খনন কৰা হ’ব বুলি কৈছিল৷ খনন কৰোতে ওলোৱা বালিৰে দুটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিম বুলি কৈছিল৷ এই কথাবোৰ অসমৰ ৰাইজে সুধিব লাগিব৷ অসমৰ সচেতন মানুহে কাণ থিয় কৰি আছে৷ ইয়াৰ প্ৰত্যুত্তৰ মোদীয়ে অসমত থাকোতে দিয়া উচিত আছিল৷’’ তেওঁ আৰু কয়, ”আমাৰ সময়তো অসমত কেইবাখনো নতুন মেডিকেল কৰা হৈছিল, বেলেগ হাস্পতাল কৰা হৈছিল৷ আজি চৌদিলে বিল্ডিং দেখিছো৷ বিধানসভাত মুখ্যমন্ত্ৰীয়ে দিয়া উত্তৰ মতে, ৬২০গৰাকী চিকিৎসকৰ পদ খালী আছে৷ এইমছত চিকিৎসকৰ পদ খালী হৈ আছে৷ মেজিকেল কলেজ, চিভিল হাস্পতাল, মডেল হাস্পতালত চিকিৎকৰ পদ খালী হৈ আছে৷ চৰকাৰে গুৰুত্ব দিছে বিল্ডিং নিৰ্মাণত৷ বিল্ডিঙে মানুহৰ স্বাস্থ্যৰ যতন ল’ব নোৱাৰে৷ মানুহৰ স্বাস্থ্যৰ যতন ল’ব পাৰিব ডাক্তৰ-নাৰ্চে।’’ অসমৰ শিক্ষাৰ দুৰৱস্থা সম্পৰ্কেও বৰাই সংবাদমেলত উল্লেখ কৰে। তেওঁ কয়, ”অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী বহু বছৰ শিক্ষামন্ত্ৰী আছিল৷ আজি মাধ্যমিক পৰ্যায়ত ড্ৰপ আউট হৈছে ১৭.৫ শতাংশ৷ নিম্ন প্ৰথামিক-উচ্চ প্ৰাথমিক মিলি ড্ৰপ আউট হৈছে ৯ শতাংশ৷ কিন্তু তেওঁলোকে নতুন অসমৰ অনিৰুদ্ধ যাত্ৰাৰ কথা কয়৷’’ জলজীৱন মিছনৰ ব্যৰ্থতাক লৈয়ো বৰাই বিজেপি চৰকাৰক চোকা সমালোচনা কৰে। ”জল জীৱন মিছনৰ পোষ্টাৰত আমি কি দেখিছিলো ‘ঘৰে ঘৰে জল৷’ এতিয়া সমগ্ৰ অসমৰ ৰাইজে কংগ্ৰেছ দলৰ নেতৃত্বত প্ৰতিবাদ কৰি আছে যে ‘ঘৰে ঘৰে আছে ন’ল, নাই কতো জল৷’ কিন্তু মানুহে যে পানী পোৱা নাই তাৰ কথা প্ৰধানমন্ত্ৰীক আমি জনাইছো৷’’ তেওঁ আৰু কয় যে নিবনুৱাৰ ক্ষেত্ৰত ২০১৬ চনত বিজেপিয়ে কৈছিল যে অসমত ২৩ লাখ নিবনুৱা আছে৷ চাকৰি সৃষ্টিত কংগ্ৰেছ চৰকাৰ ব্যৰ্থ হোৱা বুলি কৈছিল৷ বিজেপিয়ে কৈছিল যে অসম দেশৰ ভিতৰত নিয়োগ সৃষ্টিকাৰী ৰাজ্য হ’ব৷ এতিয়া মোদীৰ চাৰে এঘাৰ বছৰত ৩৩ লাখ ৭৯ হাজাৰ নিবনুৱা আছে৷ লোকসভা নিৰ্বাচনৰ সময়ত মোদীয়ে কৈছিল যিখন ঠাইত ব্ৰহ্মপুত্ৰৰ দৰে নদী আছে তাত খোৱাপানীৰ অভাৱ আছে৷ আমি গুজৰাটত এনেকুৱাকৈ খোৱাপানীৰ বাবে পাইপ বহুৱাইছে য’ত তৰুণ গগৈয়ে পৰিয়ালৰ সৈতে মাৰুটি গাড়ী চলাব পাৰিব৷ এতিয়া গুৱাহাটীবাসীয়ে চিন্তা কৰক বিজেপিয়ে ১১ বছৰ পিছতো খোৱাপানী যোগান ধৰিব পৰা নাই৷ এতিয়া লগোৱা পাইপবোৰ ফাটি থাকে৷ নগাঁও আৰু কাছাৰৰ কাগজ কল পুনৰুজ্জীৱিত কৰা হ’ব বুলি কৈছিল বিজেপিয়ে৷ কিন্তু বিজেপি শাসনলৈ অহাৰ পিছতে সেই মিল বন্ধ হ’ল৷ এই প্ৰশ্ন মোদীক অসমৰ মানুহে কৰিব লাগিব৷ এই প্ৰশ্নৰ উত্তৰ মোদীয়ে অসমৰ ৰাইজক দিব লাগিব বুলিও কয় বৰাই। তেওঁ আৰু কয়, ”মোদীয়ে অসমক অষ্টলক্ষ্মী নাম দিলে৷ আমাৰ দিনত যেতিয়া ১৪ হাজাৰ কোটি ধাৰ আছিল তেতিয়া অসম বিধানসভাত তৰুণ গগৈক দেশদ্ৰোহী, বদন সজাব বিচৰা হৈছিল৷ এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ভিক্ষাৰ জোলোঙা লৈ বেংকৰ দুৱাৰে দুৱাৰে ঘূৰি ডেৰ লাখ কোটিতকৈ বেছি ধাৰ লৈছে৷ মোদীয়ে বাৰে বাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷ সেই সময়ত সোণোৱালে এশদিন বান্ধি দিছিল৷ এতিয়াৰজনে কয় আন্দোলনলৈ আমাৰ সমৰ্থন আছে৷ ভিজন ডকুমেণ্টত এনআৰচিৰ কথা লিখা আছে৷ কিন্তু বিজেপিয়ে এনআৰচিৰ কাম নকৰিলে৷’’
