মঙলদৈত ২ লাখ ৫ হাজাৰ টকাত বিক্ৰী হ’ল এখন ফুলাম গামোচা
ৰঙিলী বাৰ্ত্তাসেৱা- মঙলদৈত থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰ কৰা এখন ফুলাম গামোচা বিক্ৰী হ’ল ২ লাখ ৫ হাজাৰ টকাত। অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য। দৰঙৰ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত অসমীয়াৰ স্বাভিমান ফুলাম থলুৱা গামোচা এখন ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হৈছে। দেৱবস্ত্ৰ হিচাবে নামাংকৃত এই বিশেষ ফুলাম গামোচাখন মঙলদৈৰ টেঙাবাৰীৰ দিনেশ্বৰ শৰ্মাৰ পুত্ৰ ৰাকেশ শৰ্মাই অবিশ্বাস্য দৰত মাতৃ প্ৰয়াত মিনু দেৱীৰ নামত নিলামযোগে ক্ৰয় কৰে। লক্ষনীয় যে, ডাঁহী অৰ্জুনতল বিষ্ণুমন্দিৰৰ জেঠমহীয়া বিষ্ণু হোমত প্ৰতি বছৰে দেৱবস্ত্ৰ নিলাম অনুস্থিত কৰি আহিছে। প্ৰকৃততে এখন ফুলাম গামোচা অধিবাসৰ দিনাৰে পৰা মন্দিৰত বিশেষ পূজা-অৰ্চনাৰে থাপনা থাপি দেৱবস্ত্ৰ হিচাবে ৰাইজৰ মাজত দ্বিতীয় দিনা নিলামত এৰি দিয়া হয়। এই বিশেষ গামোচাখনে মন্দিৰত পূজাৰ পাছত বিশেষ গুণ অৰ্জন কৰা বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে আৰু নিলামত ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায়। এইবাৰ এই গামোচাখন ক্ৰয় কৰে ৰাকেশ শৰ্মাই।