মঙলদৈত সাতদিনীয়া অসম গ্ৰন্থমেলা

Pc Prag News

মঙলদৈত সাতদিনীয়া অসম গ্ৰন্থমেলা
পাঠকৰ বাবে বাছকবনীয়া গ্ৰন্থ সম্ভাৰ লৈ সাজু বিপণী

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া আৰু শিলচৰত যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাৰ সফল সামৰণিৰ পাছত এইবাৰ মঙলদৈত অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷ ইয়াৰ গান্ধী ময়দানত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে কাইলৈৰ পৰা সাতদিনীয়াকৈ আৰম্ভ হ’ব অসম গ্ৰন্থমেলা ৷ এই বিষয়ে সদৰী কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিত কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে মঙলদৈত সাতদিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাখনৰ কাইলৈ বিয়লি ৩-৩০ বজাত অনুষ্ঠিত হ’ব উদ্বোধনী সভা ৷ সভাখনত সন্মানীয় অতিথিপৰূপে অংশগ্ৰহণ কৰিব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷ সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক, গীতিকাৰ, শিক্ষাবিদ ইদ্ৰিছ আলি, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকা আৰু দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী । বিজ্ঞপ্তিটোত লগতে প্ৰকাশ যে কাইলৈ ১২ ডিচেম্বৰৰ পৰা অহা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিতব্য অসম গ্ৰন্থমেলা, মঙলদৈৰ আটাইকেইটা দিনতে ভাষা-সাহিত্য-সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ক সামৰি আলোচনা সত্ৰ তথা অন্যান্য বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ দিহা কৰা হৈছে ৷ ইয়াৰ ভিতৰত আছে ১৩ ডিচেম্বৰত দুপৰীয়া ১২-৩০ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে “ড° ভূপেন হাজৰিকাৰ গীতত অসমৰ সামাজিক জীৱন আৰু ঐক্যৰ সুৰ”, ১৫ ডিচেম্বৰত বিয়লি ২-৩০ বজাত “দৰঙৰ সমাজ-সংস্কৃতি-সাহিত্যঃ অতীত আৰু বৰ্তমান” শীৰ্ষক আলোচনা সত্ৰ ৷ তদুপৰি ১৩ ডিচেম্বৰত বিয়লি ২-৩০ বজাত যুৱ লেখক সন্মিলন, ১৪ ডিচেম্বৰত পুৱা ৯-৩০ বজাত শিশুৰ দিন, ১৬ ডিচেম্বৰত কবি সন্মিলন আৰু ১৭ ডিচেম্বৰত লেখক-পাঠক সমাৰোহ অনুষ্ঠিত হ’ব ৷ অহা ১৮ ডিচেম্বৰত বিয়লি ৩-৩০ বজাত আয়োজন কৰা হ’ব অসম গ্ৰন্থমেলা, মঙলদৈৰ সামৰণী অনুষ্ঠান ৷ প্ৰতি সন্ধিয়া ৫ বজাৰ পৰা গ্ৰন্থমেলাৰ বাকৰিত বিভিন্ন শিক্ষানুষ্ঠানৰ মাজত আয়োজন কৰা হ’ব বাৰেবৰণীয়া সাংস্কৃতিক প্ৰতিযোগিতা ৷ উল্লেখ্য যে অসম গ্ৰন্থমেলা, মঙলদৈত অসমৰ লগতে ৰাজ্যৰ বাহিৰৰো আগশাৰীৰ বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে ৷ ইতিমধ্যে বিপণীৰ কাম সম্পূৰ্ণ হৈ উঠিছে ৷ কাইলৈৰ পৰা বিপণীসমূহত পাঠকৰ মনৰ চাহিদা পূৰণ কৰিবলৈ বাছকবনীয়া গ্ৰন্থ সম্ভাৰ উপলব্ধ হ’ব বুলি বিজ্ঞপ্তিটোত প্ৰকাশ ৷ গ্ৰন্থমেলাখনলৈ লেখক-পাঠক, শিক্ষক-শিক্ষাৰ্থীৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷