মগনীয়াৰ ভোক
কানুপ্ৰিয়া ডেকা
চাৰিদিন ধৰি একো খোৱা নাই আজি অলপ ওলাই যাও ৰহ কিজানি ক’ৰবাত কিবা পাওঁ কিন্তু বতৰ ইমান বেয়া কৰিছে ধুমুহা আহিব চাগে এতিয়া কি কৰিম ক’ত যাম ক’ত থাকিম।ইমান দিনে পেট ভৰাই খাব নাপালেও এদিন অলপ কিবা খাই তিনি চাৰিদিন লঘনে থাকিলেও অন্তত ৰাতি দোকানৰ বাৰান্দত ৰাস্তাৰ কাষত মোৰ মৰমৰ কুকুৰ কেইটাৰ লগত শুব পাৰিছিলো এতিয়ানো মই ক’ত যাওঁ।হে প্ৰভু তুমিয়েই মোক সহায় কৰা কুকুৰ কেইটাই বাৰু মানুহৰ ঘৰৰ বাৰন্দাত থাকিব বতাহ বৰষুণ আহিলেও কিন্তু মই পেটৰ ভোকত খুজিব গলেও মোক অপমান কৰে মোক ঘিন কৰে চোতালত গ’লে চোতাল লেতেৰা হয়, তুমি কোৱা প্ৰভু কি কৰোঁ মগনীয়া বনাইছা তুমিয়ে এতিয়া সহায়ো তুমিয়ে কৰিব লাগিব।মোক কোনেও কাম নিদিয়ে মোক ওচৰত যাব নিদিয়ে কোনোবাই কিবা দিলেও দলিয়াই দিয়ে কাৰন মই মগনীয়া মোক ঘিন কৰে।প্ৰভু তুমি ইমান নিষ্ঠুৰ নে ইমান কলো তথাপিও নুশুনিলা এতিয়া ক’ত যাও ইমান বতাহ ইমান বৰষুণ বহুত ঠাণ্ডা লাগিছে এই ফটা কাপোৰ যোৰ, জোটা চেন্দেল নাই বহুত দুখ পাও ভৰিত কিমান কাইটে বিন্ধিলে।তোমাক কৈ একো লাভ নাই।সেয়ে কি বাৰু ভঙা বেয়া গাড়ী তাতে যাওঁ ৰাতিটো কটাও কাইলৈ বেলেগ ঠাইলৈ যাব লাগিব সন্ধিয়াও হ’ল আজিও লঘনে থাকিব লাগিব।বৰষুণৰ পানী পৰিছে ঠাণ্ডা লাগিছে বহুত উফফফফফফ ইমান মহ তাকো পেটে চিঞৰী আছে চাৰিদিন ধৰি একো পোৱা নাই। টোপনি নাই চকুত গোটেই ৰাতি চাগে এনেকৈ থাকিব লাগিব। কালি পোৱা কোনোবাৰ ঘৰত খুজিব যাব লাগিব নহ’লে আৰু জীয়াই নাথাকিম।ৰাতি কিয় পুৱাই নাহে দুখৰ ৰাতি ইমান দীঘল কিয় হয়। হে প্ৰভু পৃথিৱীত মগনীয়া কৰি কিয় পঠিয়াই দিয়া, দিলে লালন পালনো কৰিব লাগে নকৰিলে মগনীয়া কৰি জন্ম দিব নালাগে।অলপ অলপ পোহৰ হ’ব ধৰিছে গোটেই ৰাতি টোপনি নাহিল এইফালে বতাহ বৰষুণ মহ পেটৰ ভোক কেনেকৈ ৰাতি পাৰ কৰিছোঁ মইহে জানো।সুৰ্য্য ওলাল এতিয়া যাওঁ কালি ৰাতিৰ যদি কিবা আছে, আপোনালোকে মোক এনেকৈ কিয় কৈছে আপোনাক মই একো ক্ষতি কৰা নাই মই পাচদিন ধৰি একো খোৱা নাই ৰাতিৰ কিবা আছে যদি খুজিছোঁ এনেও আপোনালোকে ৰাতিৰ বস্তুখিনি পেলাই দিব সেইবাবেহে খুজিছোঁ।মোক আপোনালোকে কাম কৰিব নিদিয়ে ৰব ৰব আপুনি মোক মাৰিছে কিয় নিদিয়ে যদি ভালদৰে কওক মাৰে কিয় ? আমাক কোনেও সহায় নকৰে আজি গোটেই দিনটো মানুহৰ ঘৰত গলো কিন্তু অপমানৰ বাহিৰে একো নাপালোঁ।খোৱা বস্তু পেলায় দিয়ে তথাপিও আমাক নিদিয়ে ভগবানেও ধনী মানুহক সহায় কৰে আমাক নকৰে।প্ৰভু এতিয়া মই তোমাৰ ওচৰতে যাম।মোৰ তেজেৰে ৰাঙলী শৰীৰটো মানুহে আগুৰি ধৰিছে মই দেখি আছিলো।