মক্কা মদিনাত হজ সমাপন কৰি হাজীসকল নিজগৃহত উপস্থিত
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১৫ জুনত ডিব্ৰুগড়ৰ পৰা আৰৱৰ মক্কাত মদিনালৈগৈ তাত হজব্ৰত সমাপন কৰি ৩১/৭/২৩ পুৱা গুৱাহাটীৰ পৰা দুখন ৰে’লেৰে আহি ডিব্ৰুগড়ত উপস্থিত হয়। হাজীসকলে পৰহি নিশা জিদ্দা আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মুম্বাই আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ লৈ আহে আৰু তাৰ পৰা বেলেগ বিমানেৰে গুৱাহাটী লৈ আহে। এইবছৰ ডিব্ৰুগড়ৰ পৰা মুঠ ৭৬ গৰাকী পুৰুষ মহিলা হজযাত্ৰী গৈছিল। ইয়াৰে ৬১ গৰাকী পুৰুষ আৰু ১৫ গৰাকী মহিলা হজযাত্ৰী আছিল। হাজী সকলে মক্কা আৰু মদিনাত থাকি কঠোৰ পৰিশ্ৰমেৰে হজব্ৰত সমাপন কৰে। কেন্দ্ৰীয় হজ কমিটিৰ সূত্ৰ মতে মক্কাত উত্তৰ পূৰ্বাঞ্চল পৰা ৬,২০০ গৰাকী হজযাত্ৰী চৰকাৰী ভাৱে গৈছিল আৰু প্ৰতি গৰাকী হজযাত্ৰীৰ বিমান ভাড়া আৰু খোৱালোৱা সহ প্ৰায় ৪,৫০,০০০/- টকা মানকৈ খৰচ পৰে বুলি এগৰাকী এইবাৰৰ হজযাত্ৰী চাজাউদ্দিন আহমেদে (চাজু)জনিবলৈ দিয়ে। এইবছৰ উত্তৰ পূৰ্বঞ্চলৰ পৰা ৮ জন হজ যাত্ৰীৰ মক্কাত মৃত্যু হয় যদিও ডিব্ৰুগড়ৰ হাজী সকল সুকলমে ঘূৰি অহাত ডিব্ৰুগড় বাসীয়ে সন্তোষ প্ৰকাশ কৰে।। এইবছৰ মক্কা মদিনাত প্ৰায় ৫০ লাখৰো অধিক লোকে হজ সমাপন কৰে। ভাৰতৰ পৰা চৰকাৰী আৰু বেচৰকাৰী ভাৱে প্ৰায় ডেৰ লাখৰো অধিক হজযাত্ৰী আৰৱলৈ হজ সমাপন কৰিবলৈ গৈছিল।