মই_দ্ৰৌপদী- মুন শৰ্মা,লখিমপুৰ

P.C. wikipedia
মই_দ্ৰৌপদী
________________
মই দ্ৰৌপদী
পাঞ্চালৰ  কন্যা,
দূৰ্পদৰ দুহিতা,
অৰ্ধাংগিনি পাণ্ডৱৰ,
কুৰু নাশক,
কুৰুক্ষেত্ৰ কাৰক,
একুৰা জুই কালৰ মৰণ,
শেষান্তৰৰ পৰিণতি,
এখনি দলিল যুগ,যুগান্তৰ,
এটি এটি এমুঠি  চৰিত্ৰৰ সোঁৱৰণী,
ভূত ভৱিষ্যত সৱ কালৰ,
মই দ্ৰৌপদী, মহাভাৰতৰ।
__________________