মই হ’ম মৃত্যুঞ্জয়ী
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
মই হ’ম মৃত্যুঞ্জয়ী
অসম মাতৃৰ বুকুত
সিঁচিম যুগৰ বৰ্ণিল আভা
থাকিব মোৰ বুকুত
জনতাৰ মুক্তিৰ সপোন।
শোষকৰ হাঁতোৰা ভেদি
দৰিদ্ৰ জনতাৰ জয়ৰ বাসনাই
জগাই তুলিব মোৰ সংগ্ৰামী সত্বা।
জাতীয়তাবাদৰ ধ্বনিয়ে
কাঁইটীয়া পথেৰে জীৱন বাটত
গঢ় দিম ৰঙচুৱা তেজৰ ইতিহাস
লাঞ্চিত, বঞ্চিত শোষিত জনতাৰ বাবে
কবিতা ৰচি ময়ে হ’ম জনতাৰ কবি।
জনজাগৰণৰ সপোনত
সৃষ্টি কৰিম অজেয় শক্তি
সাহিত্য-সংস্কৃতিৰ পথাৰ গচকি
জনতাৰ হৃদয় আন্দোলিত কৰি
হ’ম মৃত্যুঞ্জয়ী
অসমৰ চুকে-কোণে
তুলিম চিৰশাশ্বত গীতৰ খলকনি ।
