মই সাৰে আছোঁ আই
************************
আই ,মই তোৰ বুকুৰ আপোন
পোনাকণে ক’লো।
আই ,হাজাৰ ব্যস্ততাৰ মাজতো তোৰ চিন্তাই,মোক খুলি খুলি খায় অ’।
সেইবাবেই, আজিও তোক সুঁৱৰিয়েই
কলম হাতত তুলি লৈছোঁ।
জন্মভূমি ৰক্ষাৰ বাবে জীৱন
মোৰ সদা উৎসৰ্গিত।
তইয়ে জানো কোৱা নাছিলি;
“মোতকৈও তোৰ মাতৃভূমি উৰ্দ্ধত”।
সেই পণ ৰাখি দেশ সেৱাত ব্ৰতী মই ।
দূৰ্মধ আন্ধাৰকো নেওচি,
মই সদায় সাৰে আছোঁ আই,
তোৰ বাবে,মোৰ অসমী আইৰ বাবে।
আই, তোৰ কোলাতেই পৃথিৱী দেখিলোঁ,
তোৰ হাতত ধৰিয়েই অসমী
আইৰ ভূমিত প্ৰথম খোজ দিলোঁ।
মই কেনেকৈ পাহৰিম?
তোৰ ত্যাগ ,তোৰ কষ্ট;
মই সাৰে আছোঁ আই,
তই চিন্তা নকৰিবি।
মই হাঁহিলে যে তোৰ বুকু জুৰ পৰিছিল,
মই দুখ পালে যে চকুলো নিগৰিছিল।
আৰু কত যে কি..
তোৰ নিমিত্তেই আজি
মই সঁচা মানুহ হ’ব পাৰিছো।
কেনেকৈ মই সাৰে নাথাকিম তোৰ বাবে?
মোৰ অসুখত কত
উজাগৰি নিশা কটালি!
তোৰ অসুখৰ খবৰত মই
কেনেকৈ শান্তিত শোও ?
মই সদায় সাৰে আছোঁ আই।
তোৰ নৰিয়াত যিদৰে মই
শান্তিত শুব নোৱাৰো,
মোৰ মাতৃভূমি,দেশ মাতৃৰ
অসুখত মই কেনেকৈ শান্তি পাম ?
মই সাৰে আছোঁ,সদায় থাকিম, মোৰ বুকুৰ “আই”ৰ বাবে,”অসমী” আইৰ বাবে।
______________________________ __
মানসী ভূঞা