মই সত্য, এইয়াই মোৰ অপৰাধ – মুন শৰ্মা

PC - YouthWorker
 মই সত্য, এইয়াই মোৰ অপৰাধ
মুন শৰ্মা, লখিমপুৰ, বছাগাঁও
থানা খনলৈ আহিছে এজন নতুন আৰক্ষী বিষয়া নাম অনন্ত ভূঞা ।বয়সত ডেকা,  নিকা, সৎ  সাহসী বুলি নাম থকা এইখন বিষয়া এই অঞ্চলত প্ৰৱেশ কৰাৰ পাছত নিজৰ দায়িত্ববোৰ পালন কৰোঁতে ভুগিব লগা হ’ল বহু অসুবিধা। অন্য একো নাই এই অঞ্চলত বাস কৰা এজন মানুহ আৰু তেওঁৰ লগত থকা এজাক মানুহৰ বাধাৰ বাবে। বাৰে বাৰে বাধা, তেওঁৰ প্ৰতিটো কামতেই বাধা। তেওঁ হ’ল এজন  নেতাৰ পালিনেতাৰ আৰ্শীবাদ থকা ডাঙৰ ঠিকাদাৰ লগতে অঞ্চলৰ এক ডাঙৰ গুণ্ডা।গোটেই অঞ্চলত তেওঁৰ মহা ৰাজত্ব। সকলোতে চলে তেওঁ মতে এই অঞ্চল।আন কি পুলিচ থানা ও একপ্ৰকাৰে সিহঁতে  চলাই বুলিয়েই ক’ব পাৰি। থানা খনত যি পুলিচ কৰ্মী আছে সকলো  তেওঁ মতেই উঠা বঢ়া কৰাহে দেখা যায় প্ৰায়েই।কিন্তু তেওঁ অকলে এনে এজন মানুহ আছিল এই অঞ্চলত যি এই ঠিকাদাৰ জনৰ  বিপক্ষে মাত মাতিছিল। তেওঁৰ যি বোৰ মানুহে অঞ্চলতোত অপৰাধ কৰিছিল সিহঁতক জেলত ভৰাইছিল।প্ৰথম বাৰলৈ হৈছিল তাত তেনে ঘটনা যিয়েই। এই  এই ঠিকাদাৰ জনৰ মানুহক দোষী সজাইছিল। আন কি  সিহঁতক  কোবাই।ইয়াৰ বাবেই শত্ৰু হৈ পৰিছিল ঠিকাদাৰ জনৰ বাবে এই জন আৰক্ষী বিষয়া। সেই বাবেই বহু বাৰ ধমকী দিছিল নিজৰ গেঙত চামিল হবলৈ বাৰে বাৰে আহ্বান জনাইছিল পুলিচত বিষয়া জনক কিন্তু সাহসী তেওঁ ওলোটাই তেওঁক ধমকিৰে উত্তৰ দিছিল আৰু কোনো কাৰণে তেওঁ গেঙ ত চামিল  নহয় বুলি স্পষ্ট কৰি দিছিল।ফলত সিহঁতৰ মাজৰ সংঘাত বেছি হৈ পাৰিলে।পুলিচত বিষয়া জনক বিভিন্ন বিপদত পেলাব চেষ্টা কৰিলে লগতে তেওঁৰ পত্নী আৰু জীয়েকক বিভিন্ন ধৰণে ভাবুকি  দিলে।কিন্তু কোনো প্ৰকাৰে তেওঁক কৰিব  পৰা নাছিল সিহঁতে শান্ত। কাৰণ  সিহঁতে পতা প্ৰতিটো বিপদ তেওঁ উফৰাই দিছিল। অৱশেষত সিহঁত উপায় হীন হৈ ওপৰৰ বিভিন্ন নেতা আৰু আৰক্ষী বিষয়া সহায় ললে। ইয়াৰ বাবেই এদিন তেওঁক তেওঁৰ চিনিয়ৰ অফিচাৰে মাতি নি সকলো বুজালে। তেওঁ অঞ্চলত কৰি থকা কাম বোৰৰ পৰা আঁতৰি আহিব  কৈছিল কিন্তু তেওঁ অমান্তি হল কাৰণ তেওঁ যি কৰি আছে সেয়া যে ভালৰ বাবে কৰি আছে বুজি পাইছিল সেয়ে।  সিফালে  চিনিয়ৰ অফিচাৰ জনে বুজাই একো কামত নহাত তেওঁক চাকৰিৰ পৰা উলিয়াই দিব বিচাৰিলে সেয়ে তেওঁৰ লগত পুলিচ অফিচাৰ জনৰ তৰ্ক হৈ শেষত চিনিয়ত অফিচাৰ জনৰ ওপৰত  হাত  উঠাই দিলে।গতিকে তেওঁ আৰু হৈ নাথাকিল পুলিচ বিষয়া।তেওঁ তেতিয়া খুব দুখ পাইছিল  সেই অৱস্থাৰে  উভতি আহিছিল সেই অঞ্চললৈ কাৰণ তাত পত্নী আৰু তেওঁৰ ছোৱালী জনী আছিল।তেনেকৈয়ে কিছু দিন গুচি গৈছিল। এদিন  ছোৱালী জনী লৈ ৰাতিপুৱা উপস্থিত হৈছিল এখন মিঠাই দোকানত। সেই দোকান খনতে তেতিয়া আছিল তেওঁ এবাৰ দোষী সাব্যস্ত কৰি জেলত ভৰোৱা ঠিকাদাৰ জনৰ দুটামান মানুহ যিয়েই তাক বিভিন্ন কথা শুনাইছিল। আৰু ছোৱালী জনী আৰু তেওঁৰ পত্নীৰ নাম ধৰি কৰিছিল অভদ্ৰ ব্যবহাৰ। ফলত সিহঁতৰ লগত মাৰপিটত লিপ্ত হৈছিল তাতে আঘাত পাইছিল তেওঁৰ ছোৱালী জনীয়ে । আঘাতৰ বাবে  তাইৰ মৃত্যু হৈছিল সিফালে মাৰপিটৰ অপৰাধত তেওঁ জেলত সোমাইছিল  কাৰণ অঞ্চলটোত হে ঠিকাদাৰ ৰ ৰাজত্ব। এটা দিন আহিছিল সেই ঘটনা টোৰ পাছত যেতিয়া তেওঁ জেলতে আছিল তেতিয়া তেওঁৰ পত্নীৰ দেউতাকে কথা খিনি গম পায়  ঠিকাদাৰ জনৰ কাষত ক্ষমা খুজি তেওঁক জেলৰ পৰা জামিন কৰি উলিয়ায় আনিছিল।কিন্তু  কথাটো গম পায় পত্নীৰ দেউতাকক খুব খং কৰিছিল আৰু দেউতাকে ও তই ভবাৰ দৰে দুনিয়া নচলে বুলি কৈ আঁতৰি গুচি গৈছিল। তাৰ পাছত তেওঁক তেওঁৰ পত্নীয়ে কিবা এটা কব খোজাত বাধা দিছিল কিন্তু সেইবাৰ তেওঁৰ পত্নীয়ে তেওঁক জীৱনত প্ৰথমবাৰলৈ খং কৰিছিল আৰু কৈছিল সকলো শেষ হৈ গৈছে আৰু অন্ত হ’বলৈ বেছি দিন নাই।  তেতিয়াই চিঞৰি  উঠিল আৰু কলে কাৰণ আমি সত্য। সত্যৰ বাবে মই যুঁজিছিলো যুঁজি আচো আৰু যুঁজি যাম। জেলৰ পৰা ওলাই অহা পাছত  এদিন নিশা তেওঁক আৰু তেওঁৰ পত্নীক হত্যাৰ চেষ্টা কৰিছিল কিন্তু কোনো প্ৰকাৰে পলাই আহিছিল আৰু পুলিচত থানৰ সহায় বিচাৰিছিল কিন্তু সহায় কৰা নাছিল কাৰণ থানত  ওলোটাই তেওঁক বন্দী বনাব বিচাৰিলে তাৰ পৰাও তেওঁ কিবা প্ৰকাৰে বাচি আহি ঘন অৰণ্যত আশ্ৰয় কৈছিল তেতিয়া আকৌ তেওঁৰ পত্নীয়ে কৈছিল আপুনি ঠিকাদাৰক ক্ষমা খোজ কিয়  জীৱ যোৱাৰ ভয়ত পলাই ফুৰিছে। তেতিয়া তেওঁ আকৌ  চিঞৰি কৈছিল, মোৰ ভয় নাই মৰিবলৈ। মন গলেই ঠিকাদাৰক লগতে তাৰ  লগত থকা মানুহৰ লগত মুখামুখি হব পাৰো কাৰণ মৰিবলৈ মোৰ ভয় নাই,ভয় মাথোঁ তোমালৈ যদি তোমাৰ কিবা হয়। এনেকুৱা পৰিস্থিতিত জানো আমাৰ সোণ জনী গুচি যোৱা নাছিল অজান কেনিবা।হঠাৎ গুলিৰ শব্দ বুজি পোৱাত পলম নহল তেওঁৰ ….সেইয়া সিহঁতৰ  গুলী  আমাক দেখা পায় লগে লগে পলাব চেষ্টা কৰিছিল কিন্তু দুৰ্ভাগ্য তেওঁ পত্নীৰ গাত গুলী লাগিছিল। সেইবাৰো তেওঁ কিবা প্ৰকাৰে  পত্নীক লৈ পলাই আছিল অধিক বিপদ নপৰিবিলৈ।পিছে নিয়তিৰ পৰিহাস পত্নী নাথাকিল আৰু জীয়াই।পত্নী গুচি যোৱাৰ পাছতে নিসংগ হৈ পৰা তেওঁক দিনে  ৰাতিয়েই অকল বেদনাই আগুৰি ধৰিছিল আৰু জীৱনত প্ৰথম বাৰলৈ নিজৰ  কৰ্ম সন্দেহ  কৰিছিল। ভাল  নে বেয়া বুলি। তাৰেই এদিন নিশা এবাৰ চোতালতে ৰৈ  ঈশ্বৰক কৈছিল মোৰ ভুল ক’ত! এনে কি অপৰাধ ! কৰিলোঁ যাৰ বাবে মোক দিছা ইমান শাস্তি! হয় মই বাৰু ভুল কৰিছিল কিন্তু মোৰ ছোৱালী জনী আৰু মোৰ পত্নী য়ে কি ভুল কৰিলে বাৰু!বহু সময় … বহু সময়  এনেকৈয়ে। তাৰ পাছত এবাৰ ভিতৰলৈ গৈ উলিয়াই আনিছিল এপাত চোকা অস্ত্ৰ তাৰ পাছত পদূলিৰ ফালে আগুৱাই গৈছিল অলপ পাছতেই  সেই বাটৰ আন্ধাৰৰ বুকুত তেওঁ হেৰাই গ’ল লাহে লাহে।