মই মুখ্যমন্ত্রী পিছত, অসমীয়া আগতঃ হিমন্ত বিশ্ব শৰ্মা

মই মুখ্যমন্ত্রী পিছত, অসমীয়া আগতঃ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  অবৈধ বাংলাদেশী বিতাড়নক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ সময়তে বিষয়টোক লৈ বিৰোধীয়ে সৃষ্টি কৰা ৰাজনৈতিক পৰিৱেশৰ সময়তে বিধানসভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা- এনআৰচিত নাম থাকিলেই এজন লোক স্বদেশী হৈ নাযায়। এনআৰচিত নাম থাকক বা নাথাকক বাংলাদেশী বিতাড়ন হ’বই। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- বিদেশী ন্যায়াধীশকৰণ নিজৰ পথত যাব, এনআৰচি নিজৰ পথত যাব। এনআৰচিত নাম থকাৰ পাছতো সন্দেহৰ ভিত্তিত ৰাজ্য চৰকাৰে বিদেশী বিতাড়ন কৰি থাকিব পাৰিব। কোনোবা চক্র বিষয়া এজনে এনআৰচি এখন প্রস্তুত কৰি দিয়া মানে ৰাজ্য চৰকাৰৰ হাত-ভৰি বন্ধ হৈ যোৱা বুলি নুবুজায়। চৰকাৰে এনআৰচিত নাম থকাৰ পাছতো বিদেশী চিনাক্তকৰণৰ কাম অব্যাহত ৰাখিব পাৰিব। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়ত এই কথা স্পষ্ট আছে। উল্লেখ্য যে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলী ৩০১নং নিয়মৰ অধীনত এনআৰচিৰ কাম সোনকালে শেষ কৰা সম্পৰ্কত এক বক্তব্য উত্থাপন কৰে। বিৰোধী দলপতিগৰাকীয়ে বিষয়টো সন্দর্ভত সদনত উল্লেখ কৰে যে অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়ন এক বিশেষ প্রাসংগিক বিষয়। শেহতীয়াকৈ চৰকাৰে বহু লোকক বাংলাদেশত পঠিয়াই দি আকৌ তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাইজক দেখুৱালে। বিৰোধী দলপতিগৰাকীয়ে উত্থাপন কৰা বিষয়টো সন্দৰ্ভত উত্তৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য-চৰকাৰে কোনো অস্পষ্ট স্থিতিত নাই। চৰকাৰৰ স্থিতি স্পষ্ট, চিনাক্ত হোৱা বিদেশী বিতাড়ন হ’বই। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বাংলাদেশী বিতাড়ন প্রক্রিয়া আৰম্ভ হৈছে। এইক্ষেত্ৰত এনআৰচি হেঙাৰ হ’ব নোৱাৰে। বিধানসভাত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সদম্ভে ঘোষণা- মই মুখ্যমন্ত্রী পিছত, অসমীয়া আগত। গতিকে মই যি ক’ম গৌৰৱী অসমীয়াৰ দৰে ক’ম। প্রয়াত প্রাক্তন মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহাৰ পাছত মই অসমৰ এজনেই মুখ্যমন্ত্রী যিয়ে কিছু হ’লেও বাংলাদেশীক বিতাড়ন কৰিব পাৰিছোঁ। এইক্ষেত্ৰত মুখ্যমন্ত্রী ড° শর্মাই উচ্চতম ন্যায়ালৰ এক ৰায়ত উল্লেখ কৰি কয়- উচ্চতম ন্যায়ালয়ত এই ৰায়টোত এটা কথা স্পষ্ট কৰিছে যে বিদেশী বিতাড়নৰ মাজত এনআৰচিৰ কোনো সম্পর্ক নাই। উচ্চতম ন্যায়ালয়ৰ চাৰিজনীয়া বিচাৰপীঠে প্ৰদান কৰা ৰায়ৰ পাছত অসম চুক্তিক ন্যায্যতা প্রদান কৰি ১৯৭১ চনৰ ভিত্তিবর্ষ হিচাপে লৈ বিদেশী বিতাড়নৰ দিন স্থিৰ কৰিছে। ৰায়টোত ইয়াকো স্পষ্ট কৰা হৈছে যে ‘৭১ৰ পাছত অহা কোনো অবৈধ লোকক ক্ষমা কৰা নহ’ব। চৰকাৰে তেওঁলোকক বিতাড়ন কৰিব লাগিব। কাৰ্যতঃ ইয়াৰ জৰিয়তে সর্বোচ্চ ন্যায়ালয়খনে ৰাজ্য চৰকাৰখনক এক বিশেষ ক্ষমতা প্ৰদান কৰিলে। অর্থাৎ বিদেশী বহিষ্কাৰৰ বাবে এতিয়াৰে পৰা চৰকাৰে বিদেশী ট্রিবুনেলত যোৱাৰ প্ৰয়োজন নাই। কাৰণ অসমৰ কাৰণে ১৯৫১ চনৰ পটভূমিত অনা হৈছে এক বিশেষ আইন। দ্য ইমিগ্রেন (এক্সপালছন ফ্রম আছাম) আইনৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আইনৰ জৰিয়তে জিলা আয়ুক্তক বিদেশী বিতাড়নৰ বাবে ক্ষমতা অর্পণ কৰা হৈছে। অর্থাৎ জিলা আয়ুক্তই কোনো লোকক বিদেশী লোক বুলি সন্দেহ কৰিলে বা লোকজনৰ বিৰুদ্ধে বিদেশী প্রমাণ লাভ কৰিলে তেওঁক তৎকালে বিতাড়ন কৰিব পাৰিব। উল্লেখ্য যে আজি বিধানসভাত মুখ্যমন্ত্ৰীয়ে এনআৰচিৰ জৰিয়তে বিদেশীক কোনো ধৰণৰ ৰক্ষণাবেক্ষণ কৰা নহ’ব বুলি দিয়া ঘোষণাক লৈ বিৰোধী কংগ্ৰেছ আৰু ইউডিএফৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে শেহতীয়াকৈ ৰাজ্য চৰকাৰে বাংলাদেশী বুলি ভাৰতীয় লোকক হাৰাশাস্তি কৰা বুলি অভিযোগ  তোলে। আনকি যিসকল লোকক সীমান্তৰে ঠেলি পঠিওৱা হৈছে তেনে লোকৰ পৰিয়াল বিশেষকৈ পিতৃ-ককাক ভাৰতীয় নাগৰিক বুলিও চিহ্নিত হৈছে। চৰকাৰে এক বিশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ তোলে এআইইউডিএফৰ বিধায়কজনে। ইয়াৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- চৰকাৰে প্ৰচলিত আইনক সন্মান জনাই বিতাড়ন প্রক্রিয়াত আগবাঢ়িছে। দুজন ব্যক্তিৰ ওপৰত ন্যায়ালয়ে দিয়া নির্দেশৰ পাছত তেওঁলোকক সীমান্তৰ পৰা ঘূৰাই অনা হৈছে। ইয়াৰ বাহিৰে আন যিসকলক বহিষ্কাৰ কৰা হৈছে, সেয়া দ্য ইমিগ্রেন (এক্সপালছন ফ্রম আছাম) আইনৰ অধীনত বহিষ্কাৰ কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয়- এতিয়াৰে পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত চৰকাৰে দুটা পথ ল’ব। ইয়াৰে প্ৰথমটো হ’ল বিদেশী ন্যায়াধীশকৰণ আৰু আনটো হ’ল দ্য ইমিগ্রেন (এক্সপালছন ফ্রম আছাম) আইন, ১৯৫০। এই আইনত পুছ-বেক শব্দটো নাই, কিন্তু ৰিমোভ শব্দটো আছে। ইতিমধ্যে চৰকাৰে ৩০৩ অবৈধ বাংলাদেশীক পুছ-বেক কৰিবলৈ সক্ষম হৈছে আৰু এজনো উভতি অহা নাই। এই পুছ-বেক প্রক্রিয়া অহা সময়ছোৱাত অধিক জটিল হ’ব। কাৰণ আমাৰ ৰাজ্যত যিধৰণে পাকিস্তানী চোৰাংচোৱা, বাংলাদেশী মৌলবাদী সোমাইছে ৰাজ্যখনে নিজক বচোৱা কাৰণে চৰকাৰে আগতকৈ বেছি সক্রিয় হ’ব লাগিব। সেই কাৰণে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে দ্য ইমিগ্রেন (এক্সপালছন ফ্রম আছাম) আইনৰ জৰিয়তে কার্যব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ লগতে জিলা আয়ুক্তসকলে কাৰোবাক যদি বিদেশী বুলি চিনাক্ত কৰে তেওঁক বিদেশী ন্যায়াধীশকৰণলৈ নিয়াৰ পৰিৱৰ্তে পুছ-বেক কৰা হ’ব। সদনত মুখ্যমন্ত্রীয়ে আন এক তথ্য দাঙি ধৰি কয় যে অসমত বিদেশী ন্যায়াধীশকৰণে বিদেশী বুলি চিনাক্ত কৰা ৩০ হাজাৰ লোক আছে। এই লোকসকলে এতিয়াও ন্যায়াধীশকৰণৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যয়ালয়ত আবেদন জনোৱা নাই। পৰিতাপৰ বিষয় যে কংগ্ৰেছ চৰকাৰৰ কার্যকালতেই এই লোকসকলক বিদেশী বুলি ঘোষণা কৰা হৈছে। এটা কথা স্পষ্ট- বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ। সংবিধানপ্রদত্ত আইনৰ জৰিয়তে বিদেশী বহিষ্কৰণৰ প্রক্রিয়া আগবঢ়াই নিয়া হ’ব। এইক্ষেত্ৰত চৰকাৰে তিনিটা দিশত গুৰুত্ব দিছে। এয়া হ’ল উচ্চতম ন্যায়ালয়ৰ মতে বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এনআৰচিৰ কোনো সম্পর্ক নাই। দ্বিতীয়টো হ’ল বিদেশী বিতাড়নৰ বাবে জিলা আয়ুক্তই নির্দেশ দিব পাৰে আৰু তৃতীয়টো হ’ল চৰকাৰে বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিব।