মই ভালেই আছোঁ – সবিতা বেগম

PC - Vecteezy
মই ভালেই আছোঁ
সবিতা বেগম, বৰপেটা
মা ….
মই ভালেই আছোঁ মা …
বহুত ভালেই আছোঁ
প্ৰতিদিন চেষ্টা কৰোঁ ভালে থকাৰ
ঠিক তুমি কোৱাৰ দৰেই… ।
ঠিক তোমাৰ দৰেই চেষ্টা কৰোঁ
পুৱা সকলোতকৈ আগত উঠাৰ
এদিন উঠোতে অলপ পলম হৈছিল
বহুত কথা শুনিব লগা হৈছিল …
তুমি বোলে একো শিকোৱাই
পঠোৱা নাই।
এতিয়াও পুৱা বহুত টোপনি পায়…
কিন্তু, মই ভালেই আছোঁ মা
এতিয়া মোৰ সকলো কাম
পুৱা ০৯:০০ টাতেই শেষ হয়
তুমি ভাবিই নোৱাৰিবা
মই যে বহুত কাম শিকিছোঁ।
প্ৰতীক্ষাত…
বৃহৎ অভিধানৰ গাণিতিক প্ৰশ্নবোৰ
বুজিবলৈ, জানিবলৈ,দেখিবলৈ…।
জানা মা…
সকলোৱে পোহৰৰ সন্ধান পালে
এটি নিৰ্দিষ্ট সময়ৰ সিদ্ধান্তত
মাথোঁ মই মোৰ পৰা বহুত দূৰত
গভীৰ আন্ধাৰৰ অৰণ্যত
নামহীন মানসিক ৰোগীৰ দৰে …।
ভালেই আছোঁ মা…
মাথোঁ ভুল মই আৰু মোৰ …।
পুৱাৰ পৰা গধূলি অভিনয় কৰোঁ
ভুল পৰিচালকৰ পৰিচালনাত
এটি সময়ত যেতিয়া ক্লান্ত হওঁ…
ভাগৰি পৰোঁ ….
তেতিয়া ঘৃণা লাগে নিজক
কোনোবাই কোৱা ভালপোৱা
শব্দটো মনত কৰি।
কিন্তু….!!!
মা, মই ভালেই আছোঁ ….
এতিয়া বুজিব পাৰোঁ মোৰ মাহাত্ম্য
আৰাম্ভ হৈছে নহয় কুৰুক্ষেত্ৰৰ যুদ্ধ
মই কিমান ভুল কিমান শুদ্ধ….
প্ৰতিমুহুৰ্তত ওলাই বজ্ৰপাতৰ দৰে
পাহাৰ ভঙা শব্দৰ শিৰোনাম
তেতিয়া কম্পিত হয় পৃথিৱী
সম্ভৱিতঃ  ৰুদ্ৰ বৰষুণৰ …
নষ্ট কৰিবলৈ কাজল
মাথোঁ আঁতৰি থাকোঁ ….
দাতঁ কামুৰি মাটিলৈ চাই
তোমাৰ কথা মনত কৰি…
নীৰৱে গাৰুখন সাৱটো
তৰা গুণো জীৱন কৰ্তব্যৰ
ভীৱৎস্য হাঁহিৰে দেখো ভাগ্য মানচিত্ৰ…।
বহুত মন যায় তোমাৰ কোলাত
মূৰ থৈ টোপনি যাবলৈ
পাপাতো আৰু নাই কাষত বহিম!!!
কিন্তু সময় যে আৰু হৈ নুঠে
মা, মই ভালেই আছোঁ …।