মই বৰপেটাৰ জীয়ৰী
আয়শা ছিদ্দিকা(আছেৰি)
বাংলিপাৰা,বৰপেটা
সত্ৰ নগৰী ৰূপে খ্যাত
বৰপেটা নগৰীৰ জীয়ৰী মই
য’ত জাতি ধৰ্মৰ ভেদাভেদ এৰি
কৰ্ম, বৰ্ণৰ পাৰ্থক্য গুচাই
শান্তিৰ প্ৰতিমূৰ্তি সজাই ৰাখিছে।
হয় মই বৰপেটাৰ জীয়ৰী
য’ত বিহু, পুজা, দৌলত
যিদৰে ওখল মাখল পৰিৱেশ
তেনেদৰে ঈদ, ৰমজান, মহৰমতো
সকলোতে মনত একেই উদ্যম ।
হয় মই বৰপেটাৰ জীয়ৰী
যিয়ে মোক প্ৰতিক্ষণ শিকাই
একতাৰ এনাজৰীৰ শক্তিৰ কথা
ঐক্যই সংগ্ৰাম জয়ীৰ মূল
আৰু ভাতৃত্বই সম্পৰ্কৰ ৰক্ষিতা।
হয় মই বৰপেটাৰ জীয়ৰী
আমি শিকিছো শত্ৰুকো
নিজৰ নিভাজ কথাৰে
আদৰেৰে সম্ভাষন জনাই
আলহী আপ্যায়ন কৰাৰ নিয়ম ।
হয় মই বৰপেটাৰ জীয়ৰী
শংকৰ-মাধৱৰ বৰগীতৰ বিষয়ে
যিমান খিনি শিকিছো, বুজিছো
আজান ফকিৰৰ জিকিৰও
উৎসাহেৰে শুনিছোঁ,গইছো।