মই বাৰু একেটা ভুলকেই আকৌ কিয় কৰিলো ?- নিখিলৰঞ্জন গোস্বামী

pc Inc. magazine

মই বাৰু একেটা ভুলকেই আকৌ কিয় কৰিলো ?

অসমৰ এগৰাকী বিশিষ্ট সাহিত্যক , অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া মাননীয় থানেশ্বৰ মালাকৰ দেৱে এঠাইত লিখিছিল –স্মৃতি হʼল মনৰ দাপোন, যʼত ভাস্বৰ হৈ উঠে আমি এৰি অহা কামবোৰ , খোজবোৰ , দিনবোৰ । তেখেতৰ এই উক্তি , মন্তব্য মোৰ মন মগজুত , মোৰ হৃদয়ত এনেকৈ থিতাপী লʼলে যে এই বাণীয়ে মোৰ মনত প্ৰায়েই ক্ৰিয়া কৰি থাকে , মোৰ কৰ্ম জীৱনৰ প্ৰেৰণাৰ প্ৰতীক ।
মোৰ পূৰ্বৰ ভুল এটাৰ পুনৰাবৃত্তি হোৱাত মনত পৰিল চাকৰি জীৱনলৈ , এনে ভুল নকৰিবলৈ পৰামৰ্শ দিয়া এগৰাকী শুভাকাঙ্খী কৰ্নেল চাহাবলৈ । তেতিয়া ভই খায় , চিন্তাত বিভোৰ হৈ বিপদৰ পৰা ৰক্ষা পাবলৈ তেখেতৰ কথা বৰ স-সন্মানেৰে অতি আগ্ৰহেৰে গ্ৰহন কৰিলো কিন্তু দিনবাগৰাৰ লগে লগে , পুনৰ অনুৰূপ বিপদৰ আগমন নোহোৱাত সেই পৰামৰ্শ পাহৰি পেলালো , বিলীন হোৱাৰ উপক্ৰম হʼল পাহৰনিৰ গৰ্ভত । কিন্তু অপ্ৰত্যাশিত ভাৱে , ভগৱানৰ কৃপাত যেন পুনৰ শ্ৰদ্ধা সহকাৰে ২১ বছৰৰ পিছত ৰোমন্থন কৰিবৰ বাধ্য হʼলো ।
ৰোমন্থনৰ পুনৰাবৃত্তি কৰাৰ কাৰণ হ’ল- গাঁৱৰ অৱসৰ প্ৰাপ্ত এজন পুলিচৰ এচ . আই . আহি মোক সুধিলে –তই গাওঁবুঢ়াৰ পৰা ভোটাৰ লিষ্টখন আনিছিলি ? মই কলো অ ʼ তেঁও কলে কাম যদি হʼল মোক দেচোন ʼʼ? মই ক’লো লিষ্টখন মই ঔগুৰি গাঁৱৰ লʼৰা এটাই বিচাৰি অহাত দি পঠালো । মোৰ উত্তৰত সি কʼলে তই লৰাতো চিনি পাৱ জানো ? মই কলো চিনি নেপাঁও , দেখিলে চিনি পাম । সি কলে তই এইতো ডাঙৰ ভুল কৰিলি । যদি সি লিষ্টখন গাঁওবুঢ়াক জমা নিদিয়ে তই চোন বিপদত পৰিবি । মই মাথো কʼলো এৰা অʼ কথাতো মই ভবিবলৈকে নহʼল । মই কলো তই যবি নেকি এতিয়া গাঁওবুঢ়াৰ ওচৰলৈ , সি কʼলে যাম । মই কʼলো মই অলপ পিছতে গৈ আছো ।
এই নভবা-নিচিন্তাকৈ মূৰ্খৰ দৰে মই কৰা বিবেচনাহীন কাৰ্য পুনৰ নকৰাৰ এক প্ৰকাৰ সংকল্প লৈ চাকৰি কালৰ সময়ত পোৱা কৰ্নেল চাহাব আৰ . এ . এচ য়াৰ্দৱা চাহবৰলৈ মনত পেলাঁও । তেখেতে কৈছিল- আপুনি ‘‘On Good Faithʼʼ ত কাম কৰাৰ ফলত , লিখিত প্ৰমাণ নথকাত মই বিপদত পৰিব লগাত পৰিছো । আপোনাৰ কামতো শুদ্ধ কিন্তু নিয়মতো সঠিক নহʼল । যিটোৰ দ্বাৰা মই নিজক সুৰক্ষা দিয়াৰ সৱল যুক্তি পাব পাৰো । উল্লেখ কৰা ভাল হʼব তেখেত মোৰ প্ৰতি কোমল হʼল আমাৰ Senior Staff শ্ৰদ্ধাৰ পিল্লে আৰু মোৰ বন্ধু শশীন্দ্ৰম নযোৰ.এম. (পিছলৈ কমিচন লৈ কামাণ্ডেণ্ট পদবীলৈ পদোন্নতি লাভ কৰি বোধ হয় ২০২০ চনত অৱসৰ ললে , দুয়ো কেৰেলা প্ৰদেশৰ) নামৰ দুজন লোকৰ কাৰণে । ঘটনাটোৰ মুল কেন্দ্ৰ হʼল , কেতুগ্ৰহ হʼল , চিকিমৰ এজন চিপাহী ডাৱা টমাং  উপাধীৰ। H.I.V ত আক্ৰান্ত আছিল তেঁও । মোৰ এই কথা পুনৰবাৰ বাৰে বাৰে মনত পৰি চাহাবজনলৈ মনত পৰিছিল ১৯৯৭ চনৰ কথা বোধ হয় এইটো । তেখেতৰ খঙে এইটো প্ৰকাশ কৰিছল মোৰ ‘‘Service Bookʼʼ ত ৰঙা চিয়াহিয়ে লিখি অনাগত পদোন্নতি বন্ধ কৰি পেলাব প্ৰভুৰ কৃপাত তেঁও নৰম হʼল । মোক প্ৰবোধ দিছিল শশীয়ে। সি কৈছিল চিন্তা নকৰিবি তোৰ অফিছিয়েল Report Ok আছে । অৱশেষত বৰ্ষা শেষ হʼল (আকাশৰ পৰা আঁতৰি গʼল ডাৱৰৰ ঘনঘটা আৰু বিজুলীৰ চমকনি।বতাহত ভাহি আহিল নতুন ফুলৰ সুগন্ধ । পখীৰ মধুৰ গীতেৰে মুখৰিত হʼল বন-উপবন ।

সঁচা কথা প্ৰায় ২ ঘন্টাৰ শ্বাসৰুদ্ধ পৰিস্থিতিৰ সৃষ্টি হৈছিল H.I.V ৰ পৰা সংক্ৰমিত টমাঙৰ মৃত্যুৰ ঘটনাক লৈ । মই দাখিল কৰা মোৰ যোগাযোগ কৰা ফাইল মোৰ গালৈ চাহাবে দলিয়াই দিছিল ,কাগজ বোৰ কোঠাৰ মজিয়াত সিচঁৰিত হৈ পৰিছিল , পিয়নজনে কাগজ-পত্ৰবোৰ মোৰ মুখলৈ চাই সযতনে বুটলি লৈছিল অৱশেষত পৰিস্থতি শান্ত হʼল । চাহাবেও পিছদিনা শাস্তি দিয়াৰ পৰিবৰ্তে অন্যান্য অফিছাৰৰ সন্মুখত পিঠিত হাত বুলাই ‘‘বাবুজীʼʼ বুলি সম্বোধন কৰি আগতে উল্লেখ কৰা কথাখিনি কৈছিল হাঁহি হাঁহি তাৰ পিছত কামৰ প্ৰশংসা ।উল্লেখ কৰা ভাল হ’ব মানুহজনৰ এই বেমাৰ তোৰ কথা সকলোৱে জানে অথচ মৃত্যুৰ পিছত আমি এটা শাখালৈ বাৰ্তা এটা নপঠালো বুলিয়েই হাহাকাৰ লাগিল । তাকেই ৰোমন্থন কৰি প্ৰকাশ কৰাৰ প্ৰধান উদ্দেশ্য হʼল নৱ-প্ৰজন্ম । আমাৰ সময় আৰু এতিয়াৰ সময়ৰ আকাশ-পাতাল প্ৰভেদ ।মানুহৰ মন , চিন্তা চেতনাৰো দ্ৰুত পৰিৰ্বতন । সকলো যেন পৰিবেশ-পৰিস্থিতিৰ দাস । যান্ত্ৰিকতাৰ যুগ । গতিকে বহু ভাবি-শুনি , ধৈৰ্য্য সহকাৰে নতুন সকল যেন আগবাঢ়ে । তাকেই কামনা । কাকো কোনেও সহায়-সহানুভুটি দেখুওৱাৰ অৱকাশ নাই (সঁচা অৰ্থত সদিচ্ছৰ অভাৱ ।সৰহ সংখ্যকেই আজি- কালি নিজক লৈয়েই ব্যস্ত ।আহৰি নাই আনৰ কথা ভবিবলৈ , সহায় কৰিবলৈ ।

– নিখিলৰঞ্জন গোস্বামী
– কপাহেৰা, মৰিগাঁও