মই বসন্ত হৈ আহিম
দীপালী শইকীয়া
কেনেকৈনো কওঁ তোমাক
জীৱন খৰালি বুলি
শাওণ ভাদত আকাশ খনে গুণ্ গুণালে
আশাবোৰ লহপহকৈ বাঢ়ি, ধৰা দিয়েহি দুচকুত
এই বাটেৰেই যেতিয়া বৰষুণ মেঘ ফালি নামিব
অপেক্ষা কৰিবা মোলৈ
নদী হৈ বৈ, বৈ যাম শইচলৈ
শইচৰ পৰা পথাৰলৈ…
তুমি বাট চাবা মোলৈ…
এই বাটেৰেই যেতিয়া বৰষুণ মেঘ ফালি নামিব
মই বসন্ত হৈ আহিম কিশলয় ভৰাই
বহু হেঁপাহৰ আঘোণক তুলি দিম তোমাৰ কান্ধত
খেতিয়কৰ দহো আঙুলিৰে সৰা, ফুলৰ সুগন্ধিৰে।