মই নৈৰ দৰে হব খোজো – মামনি শৰ্মা

মই নৈৰ দৰে হব খোজো
মামনি শৰ্মা, ডিব্ৰুগড়
মই নৈৰ দৰে হব খোজো
নি:সংকোচে
নৈখনক ক’লো..
মই,তোমাৰ দৰে হব খোজো
উশাহৰ বাটেৰে
প্ৰতিজাক উদভ্ৰান্ত বৰষুনত
জুৰুলি-জুপুৰি হৈ
উদয় আৰু অস্তাচলৰ বেলিক
সাৱটিব খোজো।
আঁচলেৰে ঢাকি
উটুৱাই নিবখোজো
প্ৰতিজাক ধুমুহাৰ উত্তাপ,
নোহোৱা কৰিব খোজো
সপোনৰ ঠিকনাত বাট ভেটা
জীৱনৰ সন্তাপ।
হেঁপাহৰ শিৰলুত বান্ধি
নিৰন্ন স্বাভিমান
জোনটো কুহুমিয়া হোৱাৰ পৰত
ঠিক তোমাৰ দৰেই
চুই চাব খোজো
সন্তৰ্পনে
অন্তনীল আকাশৰ মিঠা অভিমান।