মই নৈপৰীয়া ছাত্ৰ
আব্দুৰ ৰশিদ, বৰপেটা
মা দেউতাই নদীৰ সৈতে
সংগ্ৰাম কৰাৰ সময়ত
ভূমিস্থ হৈ
প্ৰথম প্ৰত্যক্ষ কৰিলোঁ
বৈ যোৱা নদীৰ সন্ত্ৰাস ।।
নদীৰ প্ৰবল গৰাখহনীয়াই
সৰ্বশান্ত কৰাৰ মাজতে
পাতনি মেলিলোঁ
মোৰ নৈপৰীয়া ছাত্ৰ জীৱন ।।
মই নৈপৰীয়া ছাত্ৰই
পুহি ৰখা সপোনলৈ
বালিময় চৰত
মৰীচিকাৰ পিছে পিছে দৌৰি
স্কুললৈ যাওঁ ।
ঘৰমুৱা নহওতে
বেলি মাৰ যায়
পশ্চিম আকাশত ।।
সপোনবোৰ বাস্তবায়িত কৰিবলৈ
প্ৰাকৃতিক দুৰ্যোগ নেওচি
নিজৰ জীৱন তুচ্ছ কৰি
প্ৰতিদিনে যাওঁ মই
স্কুললৈ ।।
মই নৈপৰীয়া ছাত্ৰই
তীক্ষ্ণ উষ্ণতাত
বালিময় চৰত
এক জ্বলন্ত জীৱন লৈ
লক্ষ্যত উপনীত হ’বলৈ
আগবাঢ়িছো সুদূৰ ভৱিষ্যতলৈ।।