মই নাৰী – ছেলিমা বেগম

মই নাৰী
ছেলিমা বেগম, নগাঁও 
মই নাৰী মই সঁচাকৈ মহান! পালন কৰিম
সদায় নিজৰ দায়িত্বৰ কথা, মই অনন্যা
নাৰি মই গৃহিনী, মই মা ,মই ভনী ,মই
কাৰোবাৰ পত্নী,নাৰী মই মহৎ গুণৰ অধিকাৰী।
নাৰী বিহীন জগত আধৰুৱা ,যেনেকৈ
চন্দ্ৰ, সূৰ্য্য বিহীন আকাশখন মূল্যহীন
য’ত নাৰী সদায় নিৰ্যাতনৰ বলী
য’ত নাৰী সদায় ধৰ্ষিতা ।
তাত মই সদায় বিচাৰো নাৰীৰ মৰ্য্যদা
য’ত নাৰীৰ বাবেই জগত খনত উখল মাখল
তৰাবিলাকে যেনেকৈ আকাশখন শুৱাই
নাৰী বিলাকে তেনেকৈ এখন ঘৰ শুৱনি কৰে।
ফুলৰ পাহিৰ দৰে নাৰীৰ কোমল অন্তৰ
হয়, ভুল হোৱাটো নাৰীৰ স্বাভাবিক
আৱদ্ধ মাথোঁ এটি শব্দৰ মাজত নাৰী
য’ত নাৰীক হবলৈ নিদিওঁ নিৰ্য্যাতিতা ।
নাৰী মই পানী হৈ বৈ যাম
অগ্নি হৈ জ্বলি যাম মই
হাঁহিৰে দুখ কষ্ট সহ্য কৰি যাম
নাৰী মই সঁচাকৈ মহান।