মই নহয় অৱলা নাৰী- জ্যোৎস্না ৰানী বেগম

Pc the guardian

মই নহয় অৱলা নাৰী

মই নহয়  অৱলা নাৰী
ময়েই প্ৰকৃতি সৃষ্টিৰ আদি উৰ্বৰা শক্তি
সুৰধ্বনি গংগাৰ দৰে বৈ যাও
ময়েই সময়ত হ’ব পাৰোঁ বীৰঙ্গনা  সুখদায়িনী মহীয়সী জগজ্জননী
কাৰোবাৰ হয় মই পত্নী, কাৰোবাৰ মাতৃ
কাৰোবাৰ ভগ্নী ময়েই প্ৰেৰণাৰ প্ৰতীক
মমতাময়ী  স্নেহ ময়ী ৰূপেৰে মহীয়ান হৈ ৰওঁ
মই মোৰ কোমল কোলাত মমতাৰ স্নেহেৰে
অমৃত পান কৰাও
বান্ধিব পাৰোঁ শান্তিৰ আলয়
সহিব পাৰো অত্যাচাৰ উৎপিৰণ  নিৰ্জাতন
তথাপি ও পৰ্বতৰ খৰস্ৰোতা স্ৰোতস্বিনী হৈ বৈ যাওঁ
পিছলৈ উভতি নাচাওঁ
গʼলোগৈ উজাই কিমান
নোসোধো কাকো মোহনলৈ  কিমান বাকী
আকাশৰ দৰে আছে  বিশাল  হৃদয়
সাগৰৰ দৰেই গভীৰ
মোক তলাব নোৱাৰে কোনো অপশক্তি
ময়েই সেই সুনিপুন শিপিনী
মোৰ বলিষ্ঠ হাতেৰে যুদ্ধ জয়ৰ কৱচ বই
পুৰুষক সজাও দিগ্বিজয়ী বীৰ
পুৱাৰ সুৰুযৰ লগত উদয় হওঁ
নিশাৰ তমসা আঁতৰাই ওলাই আহোঁ
পূৰ্ণিমাৰ স্নিগ্ধ জোনাক বিলাবলৈ
মোৰ সুহুৰিত বকুল ফুলে
ময়েই হয় জগজ্জননী।।

জ্যোৎস্না ৰানী বেগম
পাঞ্জাবাৰী