মই ধূলিকণাৰ সম
মই যেন ধূলিকণাৰ সম ক্ষুদ্রতম,
ক্ষুদ্রতম হৈয়ে লভিলোঁ জনম।
সৰু হৈও আছে যেন ডাঙৰ সপোন,
ধৰাখনিৰ সৈতে আছে অটুট বান্ধোন।
কোন বাৰু মই এই বিশাল জগতত,
কোন বাৰু মই নিজৰ জীৱন পথত।
এই বিশাল ধৰাত নিজেই হেৰাই যাওঁ,
জীৱনত কেৱল ঈশ্বৰৰ গুণ গান গাঁও।
পৰ জনমত পাম জানো এইখনি ধৰা,
মই বাৰু উভতি আহিম ক’ৰ পৰা।
মই ধূলিকণাৰ দৰে এটি যাযাবৰ,
ধূলিকণাৰ দৰে চিন্তা যেন মোৰ মনৰ ।
মানৱ জীৱন পাইও মই ধূলিকণা,
ধূলিকণাৰ দৰে মোৰ দুখ বেদনা ।
মহা মহা নগৰীত, ধূলিকণাৰ দৰে হেৰাও,
তথাপিও যেন বাট বিচাৰি যাওঁ ।
মোৰ সকলো সুখবোৰো যেন
ধূলিকণা,সম মোৰ প্ৰতিটো কথা ।
ক্ষুদ্র জীৱনতো যেন জ্যোতি বিচাৰি যাওঁ,
আপোনজনৰ যেন মৰম বিচাৰি পাওঁ ।
জীৱনত আছে কত তিতা মিঠা,
এই বিশাল ধৰণীত মই ধূলিকণা ।
-নিতিষ্মান দাস
অষ্টম শ্রেণী