মই ধাৰ্মিক
সঞ্জীৱ গগৈ,মেলেংগ্ৰাণ্ট ভোগপুৰ ,যোৰহাট
মই মানুহ হোৱাৰ বাবে ধাৰ্মিক।
ধৰ্মই মানুহক সৎ হ’বলৈ কয়
সততা মানুহৰ ব্যক্তিত্ব।
মোৰ ধৰ্মই মোৰ আচাৰ্য্য।
সমতা, উদাৰতাৰ মাৰ্গেৰে যি
প্ৰকৃত মানুহ হোৱাৰ শিক্ষা দিয়ে।
মোৰ ধৰ্ম মানৱতাৰ।
গোড়ামী ত্যাগ কৰি ধৰ্মক অতিক্ৰম কৰি
মানুহক ভালপোৱাই মোৰ ধৰ্মৰ তত্ত্বাৰ্থ।
তুমিও যদি ধাৰ্মিক হ’ব বিচাৰা
তেন্তে মানুহ হোৱা।
মানুহৰ ধৰ্ম মানৱতা, পশুৰ ধৰ্ম পশুত্ব
মানৱতা প্ৰেমৰ নিচান
পশুত্বৰ নিচান হিংসা।
মোৰ ধৰ্মত
না নাস্তিকতা আছে, না সাম্প্ৰদায়িকতা।
মই মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ
সকলোতে শিৰ নত কৰোঁ,
কিন্তু ঈশ্বৰৰ সন্ধানত নহয়।
যি মানুহে গভীৰ বিশ্বাসেৰে
যি পৱিত্ৰ সত্ত্বাৰ ওপৰত আত্মসমৰ্পণ কৰে,
সেই মানুহ চাবলৈ,
বুজিবলৈ
মানুহে ঈশ্বৰক কিয় বিচাৰে।
মই ধাৰ্মিক।
সেয়া মানুহ হোৱাৰ বাবে।
