মই ‘দুৰ্ঘটনা’ বুলি কোৱা নাই, জুবিনৰ হত্যাকাণ্ডৰ চার্জশ্বীট ৮ ডিচেম্বৰৰ ভিতৰত  দিব : মুখ্যমন্ত্ৰী

মই ‘দুৰ্ঘটনা’ বুলি কোৱা নাই, জুবিনৰ হত্যাকাণ্ডৰ চার্জশ্বীট ১৭ ডিচেম্বৰৰ ভিতৰত  দিব : মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- প্রিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট এছ আই টিয়ে কেতিয়া দাখিল কৰিব এই সন্দৰ্ভত পুনৰ মন্তব্য় কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।  জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজ্যজুৰি অগণন অনুৰাগীয়ে ন্যায় প্ৰদানৰ দাবী তোলাৰ সময়তে অহা ১৭ ডিচেম্বৰৰ পূর্বেই জুবিন গাৰ্গ হত্যাকাণ্ডৰ চার্জশ্বীট আদালতত দাখিল কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। শোণিতপুৰৰ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৩১,০৪৫ গৰাকী মহিলাৰ মাজত ১০ হাজাৰকৈ এককালীন ধনৰ চেক বিতৰণ কাৰ্যসূচীৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শিল্পী জুবিন গাৰ্গ সন্দর্ভত এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে। প্রিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক বিভিন্ন মহলত দুর্ঘটনাৰূপে একাংশই চৰ্চা কৰি থকাৰ সময়তে মুখ্যমন্ত্রী ড° শর্মাই এই ঘটনাক তাৎপর্যপূর্ণভাৱে হত্যাকাণ্ড বুলিহে উল্লেখ কৰে। তেওঁ কয় যে আজি মই দুর্ঘটনা বুলি কোৱা নাই। জুবিন গাৰ্গৰ ‘হত্যাকাণ্ড’ৰ চাৰ্জশ্বীট আমি ১৭ ডিচেম্বৰৰ আগতে দিব লাগে। ৮ ডিচেম্বৰৰ ভিতৰতে দিয়াৰ বাবে মই এছআইটিক জনাইছোঁ। সকলো পিনৰ পৰাই আমি প্রস্তুত হৈ আছোঁ। অৱশ্যে চার্জশ্বীট প্ৰদানৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিদেশত যদি কিবা ঘটনা হয়, চার্জশ্বীট দিয়াৰ আগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদনৰ প্ৰয়োজন হয়। মই গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদন সোনকালে লাভ কৰিব পাৰোঁ। অহা ৩-৪ দিনৰ ভিতৰত এছআইটিয়ে এই সন্দর্ভত গৃহ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিব। অনুমোদন আমি পাই যাম। তাৰ পিছতে ৭-৮-৯ ডিচেম্বৰৰ ভিতৰত চার্জশীট দি দিম। আনহাতে, ছিংগাপুৰত অনুষ্ঠিত নর্থ-ইষ্ট ফেষ্টিভেল সন্দর্ভত অসম চৰকাৰে পুঁজি যোগান ধৰিছিল নে নাই, এই সন্দর্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড° শর্মাই কয় যে নর্থ-ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে এটকাও দিয়া নাই। অসম চৰকাৰৰ কোনো বৰঙণি তাত নাছিল। প্রয়োজনত সাংবাদিককো এই সন্দৰ্ভত আৰ টি আই আবেদন কৰাৰো আহ্বান মুখ্যমন্ত্রীয়ে জনায়। ইয়াৰ বাহিৰেও সমাধি সন্দৰ্ভতো মুখ্যমন্ত্রী ড° শর্মাই কয় যে জুবিন গাৰ্গৰ সমাধিত আমি ১০ বিঘা মাটি দিছোঁ। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো আমি তেনে কৰিছোঁ। দুয়োগৰাকী শিল্পীৰ মাজত সামঞ্জস্য ৰাখিছোঁ। সমপৰ্যায়ত যাতে দুয়োগৰাকী শিল্পীৰ সমাধিৰ পূৰ্ণতা দিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰিম। যদি ক’ৰবাত কম আছে, তেতিয়াহ’লে মিলাই দিয়া হ’ব।