অনুগল্প
মই তোমাৰ মিছ নীলা
কাকলি কুমাৰী, হাজো
নীলা আৰু অভিজিৎ কলেজত প্ৰথম দেখা পায়। সৰু , ডাঙৰ কথাবোৰত দুয়ো কেতিয়াও এৰি দিয়া নাছিল আৰু এনেবোৰ কথাৰ অনুভূতি সিহঁতৰ মাজত গঢ়ি উঠিছিল। কেতিয়াবা নীলা অভিজিৎ’ক দেখি হাঁহি এটি মাৰিলেই অভিজিৎ’ যেন তাইৰ প্ৰেমত পাগল হৈ যায়।
এদিন, লাইব্ৰেৰীত নীলা এখন চিঠি পেলাই থৈ গ’ল। চিঠিখনত লিখা আছিল, “শব্দবোৰে সদায় ক’ব নোৱাৰে, কিন্তু তোৰ চকুৰে মই সকলো বুজি পাওঁ।”
অভিজিৎ মিচিকিয়াই হাঁহিলে, কাৰণ সেয়া আছিল তেওঁৰ বাবে, তেওঁ যি কথাটো সদায় শুনিব বিচাৰিছিল।