মই তেজিমলা – ৰুমী কলিতা দত্ত

মই তেজিমলা
                
ৰুমী কলিতা দত্ত
                     কেন্দুগুৰি,ডিব্ৰুগড়
ময়ে তেজিমলা
তেজৰঙা বেলিয়ে সানিছিল
মোৰ কপালত জুই একুৰা।
মোৰ তেজৰ চেকুৰাবোৰ
কোনে আঁকি গ’ল
মোৰ হৃদয়ৰ বেথাবোৰ
কোনে শুনি গ’ল ?
মোৰ দেহৰ অংশে অংশে
দুগুণে ৰং চৰিছিল
এপাহ ফুলৰ সুকোমল পাহিয়ে
মৰমবোৰ স্পৰ্শ কৰি চাইছিল।
ময়ে তেজিমলা যুগ যুগৰ
সম্বন্ধবোৰ বৰ হেঁপাহৰ
মাহীআইৰ কোলাত মূৰ থৈ
হিচাপ কৰিলোঁ জীৱন-যৌৱনৰ।
ময়ে তেজিমলা
নাৱৰীয়াৰ আদৰৰ
সখীৰ স’তে কথা হৃদয়ৰ
মোৰ দূখ আইৰ অসহ্যকৰ
অনাবৃষ্টি হৈ ৰ”ল ঠাইডোখৰ ।
মন মধুৰীৰ দুপাখি কাটি দি
জীৱন কাঢ়ি লোৱা মাহীআই
সমিধান দিলা মোক
তেজৰ ডোঙাত মৃত্যুৰ কিৰীলি  ।
শান্তিৰ বলুকাত ঘৃণাৰ বিষ ঢালি
উত্তপ্ত প্ৰেমৰ বাখৰুৱা বুকু
এপিয়লা বিষ পান কৰিও
জীয়াই  থকাৰ সপোন দেখোঁ ।