মই জুবিন গাৰ্গে কৈছোঁ
সবিতা বেগম,বৰপেটা
হয়!সোণাপুৰৰ পৰা মই
জুবিন গাৰ্গে কৈছোঁ—
বাটৰে শেষতে ভাগৰুৱা দেহাটো
জিৰাবলৈ দিছোঁ অগ্নিস্নান কৰি
এতিয়া জিৰণি লম মাথোঁ জিৰণি।
দুখঃ এটাই…
মন গলেও আৰু নতুন গান এটা
গাব নোৱাৰিম মাথোঁ শুনিম…।
এতিয়া তোমালোকে গাই যাবা
মই শুনিব, মাথোঁ শুনিম
অলপ জোৰকৈ গাই দিবা
মায়াবিনী ৰাতিৰ বুকুত
শীতৰে সেমেকা ৰাতি
জোনমনি, ৰুনজুন…..।
গাই দিলো সকলোৰে বাবে
প্ৰতিটো খোজত প্ৰতিটো উশাহত
গুণগুণাবলৈ প্ৰতিটো সুখত প্ৰতিটো দুখত
অনামিকা, ৰুমাল,মায়া, মুক্তি,শিশু
সাগৰ,নদী,ৰাংঢালী, জানমণি, সপোন….
মাথোঁ নতুন গান গাব নোৱাৰিম
বন্ধ হৈ থাকিল ছালা…।
দুখ নকৰিব মাজুলী বাসী
গাই দিব মাজুলীত এজনী ছোৱালী।
ইচ্ছা নাছিল এতিয়াই গুচি যোৱাৰ
সিদ্ধাৰ্থ আৰু মহন্ত কোৱা মতে
ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল
এটা আছিল শুনি ভালেই লাগিল
সাগৰ ভাল পাওঁ বুলি….
সকলোৱে সাগৰত গলো
ঘেন্টা মই উশাহ বন্ধ হৈ থাকিলো।
এতিয়া অকলে অকলে আকাশী
ৰথেৰে কফিন এটাত
দিল্লী হৈ সৰুসজাত পালোঁ।
ছালা আৰু কি লাগে
একত্ৰিত কৰিলোঁ নহয় সৰুসজাত
হিন্দু,মুছলিম,জৈন, খ্ৰীষ্টান,বড়ো,কাৰ্বি
ব্ৰাহ্মণ,ডেকা, কলিতা,হাজী,মৌলবি….
I love people
I love man…
মোৰ কোনো জাতি নাই
মোৰ কোনো ধৰ্ম নাই
মোৰ কোনো ভগৱান নাই
মই মুক্ত মই কাঞ্চনজংঘা।
আৰু কথা এটা কওঁ
কিতাপ নথকা জাতিক
গামোচায় বচাব নোৱাৰে….।
সকলোকে কৈছোঁ পাপৰ…
দেখিবলৈ খাদ্য
আচলতে শব্দ…..
পলিটিষ্ক নকৰিবা বন্ধু….।
অ’ শুনাছোন
যোৰহাটত প্ৰতিমূৰ্ত্তি এটা
হোৱাৰ কথা শুনিছোঁ
দেউতাৰ ঠাই প্ৰিয় ঠাই
ইচ্ছা আছিল যদিও
অসুস্থ দেউতা আৰু গৰিমা
গুৱাহাটীত থকাটো বিচাৰিলে
তথাপি গুচি যাম কেতিয়াবা
উজাগৰি ৰাতি….
ধুমুহাৰ সতে….
ঘেন্টা মই কাকো খাতিৰ নকৰোঁ।।
