মই কৰ্ণেল ছোফিয়া কুৰেশ্বিয়ে কৈছোঁ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
গুজৰাটৰ পবিত্ৰ উৰ্বৰ ভূমিত ভূমিষ্ঠ, লালিতা- পালিতা কন্যা সন্তান
মই কৰ্ণেল ছোফিয়া কুৰেশ্বিয়ে কৈছোঁ –
মোৰ শৰীৰৰ সিৰা-উপসিৰাইদি প্ৰৱাহিত
লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ দৃঢ় সাহস,
ধৈৰ্য আৰু আত্ম-প্ৰত্যয়।
ধৈৰ্য আৰু আত্ম-প্ৰত্যয়।
মোৰ মস্তিষ্কৰ জিনত সংলগ্ন হৈ আছে
তিনি পুৰুষ ধৰি সৈনিক-জীৱন পৰিক্ৰমা আৰু
দেশৰ সুৰক্ষাৰ বাবে আমাৰ পৰিয়ালৰ
আত্মোৎসৰ্গৰ বীৰত্বৰ কাহিনী।
দেশৰ সুৰক্ষাৰ বাবে আমাৰ পৰিয়ালৰ
আত্মোৎসৰ্গৰ বীৰত্বৰ কাহিনী।
অপাৰেশ্যন সিন্দূৰৰ নেত্ৰী
মই কৰ্ণেল ছোফিয়া কুৰেশ্বিয়ে কৈছোঁ
মোৰ ভাৰত মাতৃৰ কপালৰ সেন্দূৰ মচি পেলোৱা
এই সন্ত্ৰাসবাদীৰ ঘাঁটি উচ্ছেদ কৰি
ধৰ্মৰ কোনো পৰিচয় নুসুধি
মই সিহঁতক তিলতিলকৈ হত্যা কৰিম।
মই কৰ্ণেল ছোফিয়া কুৰেশ্বি
ভাৰতীয় মুছলমান নাৰী
কোনো সন্ত্ৰাসবাদী নহয় ;
কাৰণ সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই,
নাই কোনো জাতি।
মোক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি উপহাস কৰা
কট্টৰ হিন্দুত্ববাদী ৰাক্ষস বিজয় শ্বাহৰ
বুকুৰ কলিজা ছিঙি পঁচা নৰ্দমাত দলিয়াই দিমেই।
মই কৰ্ণেল ছোফিয়া কুৰেশ্বি ভাৰতীয় সেনা—
ভাৰত মাতৃৰ হকে প্ৰাণপণে যুঁজি
হয় সন্ত্ৰাসবাদমুক্ত ভাৰত গঢ়ি তুলিম
নাইবা শ্বহীদ বৰণ কৰি জান্নাতবাসী হ’ম!
নাইবা শ্বহীদ বৰণ কৰি জান্নাতবাসী হ’ম!