মই কেনেকৈ জীৱিত হৈ ওলালোঁ নাজানোঃএকমাত্র জীৱিত যাত্ৰী ৰমেশ 

মই কেনেকৈ জীৱিত হৈ ওলালোঁ নাজানোঃএকমাত্র জীৱিত যাত্ৰী ৰমেশ 

ৰঙিলী বাৰ্ত্তাসেৱা- আহমেদাবাদৰ মেঘানী নগৰত দুৰ্ঘটনাত পতিত হোৱা এয়াৰ ইণ্ডিয়া ১৭১ বিমানখনৰ ২৪২যাত্ৰীৰ ভিতৰত জীৱন্তে উদ্ধাৰ হোৱা একমাত্র যাত্রী বিশ্বাস কুমাৰ ৰমেশৰ শিহৰণকাৰী বৰ্ণনা। ‘মই কেনেকৈ জীৱিত হৈ ওলালোঁ নাজানো’ বুলি মন্তব্য আগবঢ়াই বিমান দুর্ঘটনাৰ শিহৰণকাৰী বৰ্ণনা আগবঢ়াইছে।চিকিৎসালয়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৪০ বছৰীয়া ৰমেশে কয়- মোৰ চকুৰ সন্মুখতে সকলো ঘটি গৈছে। এতিয়াও সেই দুৰ্ঘটনাৰ পৰা কেনেদৰে ৰক্ষা পৰিলোঁ তাক লৈ সুস্থিৰ হ’ব নোৱাৰা  ৰমেশে সাংবাদিকক কয় যে জ্বলন্ত বিমানখনৰ জৰুৰীকালীন ভগা দুৱাৰেৰে তেওঁ ওলাই আহিছিল। সন্মুখতে বিস্ফোৰণ হৈ গৈছে। উৰণৰ পিছতেই ১০ছেকেণ্ডৰ ভিতৰতেই সকলোবোৰ ঘটি গৈছিল। বিমানখনৰ উৰণৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিক লৈ ৰমেশে কয়- বিমানখনে গতি লোৱা নাছিল। কেৱল গৈ আছিল। কিন্তু হঠাতে তীব্র গতি লৈ গৈ অট্টালিকাত খুন্দা মাৰে আৰু বিস্ফোৰিত হয়। সকলো ছেকেণ্ডতে ঘটিছিল। মই তললৈ যোৱা বুলি ভাবিছিলোঁ। ৰমেশে পুনৰ কয়- প্ৰথমতে মই ভাবিছিলোঁ মই মৰিছিলোঁ। পিছলৈ মই ভাবিলোঁ মই এতিয়াও জীয়াই আছোঁ। আৰু দেখিছিলোঁ কিবা খোলা আছে। মই নিজকে ধ্বংসস্তূপৰ পৰা কোনোৰকমে উলিয়াব পাৰিছিলোঁ। ভৰিৰে ঠেলি ঠেলি ওলাই আহিছিলোঁ। মই এতিয়াও বুজি পোৱা নাই মই কেনেকৈ ৰক্ষা পৰিলোঁ। উল্লেখ্য যে ডি ডি নিউজৰ সৈতে সাক্ষাৎকাৰত একমাত্র জীৱিত যাত্ৰী ৰমেশে এই শিহৰণকাৰী বৰ্ণনা কৰিছিল।