মই কবিতা কেনেকৈ লিখিম – জেফলিন চুলতানা

মই কবিতা কেনেকৈ লিখিম 
জেফলিন চুলতানা, নগাঁও
আপোনাৰ দুচকুত হিংসাৰ দাবানল
মই কবিতা কেনেকৈ লিখিম…!!
কাৰণ আপুনি হেনো মোৰ কাষত শক্তি হিচাপে নাই…!!
হাঃ হাঃ হাঃ… কি আচৰিত …!!
নহয়নে ?
আপুনি ভাবিছে…!!
আবেগ , অনুভূতি , শব্দ ধ্বনি , ভাষা
মোৰ চাগে ধাৰত ল’ব লাগিব
তেন্তে আপুনি ভুল ।
নদীয়ে যেনেদৰে অহৰহ ‌বৈ যায়
কাৰো কথাত উঠা বহা নকৰে
ঠিক সেইদৰে মোৰো নিজস্বতা আছে , বাকস্বাধীনতা আছে
অভিজ্ঞতাৰ কোলাহলে…
মোৰ একো একোটা শব্দ ,ছন্দৰ লক্ষ্য ভেদ কৰিব..!!
আৰু আঁতৰাব আপোনাৰ অপমানৰ ধৃষ্টতা ।
মই সফলতাৰ বাট দেখা নাই
কিন্তু গোলাপ ছিঙিব গৈ কাঁইটৰ ‌আঁচোৰৰ পৰা ‌ৰক্ষা‌ পালোঁ ‌
সহায়ৰ নামত স্বাৰ্থপৰতাৰ পৰা ৰক্ষা পালোঁ ।
সোণৰ চেকুৰা বুটলিবলৈ গৈ
কপালৰ ঘাম মাটিত পেলাম
নৈৰ দৰে তৃষ্ণাত আতুৰ হম
পিছে মোৰ সেই তৃষ্ণা হ’ব বাংময় আঁক-বাঁক ।
মোৰ আঁক-বাঁকে মোৰেই
সঁহাৰিৰ কামনা কৰে
আৰু আপোনাৰ অলিক কল্পনাক অপমান কৰে
মই কবিতা কেনেকৈ লিখিম…!!