মই কনকলতাই কৈছোঁ – ৰাজলক্ষ্মী বৰঠাকুৰ

PC - wikipedia

মই কনকলতাই কৈছোঁ

ৰাজলক্ষ্মী বৰঠাকুৰ, দেৰগাঁও

মোক তোমালোকে চিনি
পাইচানে বাৰু
মইয়ে পাট গাভৰু কনকলতা,
দেশৰ স্বাধীনতাৰ বাবে স্বজাতিৰ মান ৰাখিবলৈ
হাঁহি হাঁহি হেলাৰঙে বলিদান দিছিলোঁ ।
বিদেশী বঙালৰ গুলি বুকু পাতি লৈছিলোঁ
মোৰ গাভৰু দেহাটো তেজেৰে
লুতুৰি -পুতুৰি হৈ বাগৰি পৰিছিল।
জাতীয় পতাকাখনিৰ মান ৰাখিবলৈ গৈ
মুকুন্দ কাকতিয়েও মোৰ লগত দেশৰ বাবে
প্ৰাণ বলিদান দিছিল।
স্বাধীনতাৰ এই পবিত্ৰ মূহুৰ্তত আহা আমি পণ কৰোঁ
দেশ ৰক্ষাৰ বাবে প্ৰয়োজন হ’লে ওলাই আহিম
হাজাৰ জনি কনকলতা হৈ ।