মই এতিয়া সম্পূৰ্ণভাৱে মোৰ
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
এইয়া কোনো পৰাজয় নহয়
এইয়া মোৰ আত্ম-সম্মানৰ পুনৰ জন্ম।
এতিয়াৰে পৰা
মই মোৰ পথ নিজেই নিৰ্ধাৰণ কৰিম।
কাৰোবাৰ অনুমোদন নালাগে,
কাৰোবাৰ স্বীকৃতি নালাগে
নিজৰ চকুত নিজৰ সন্মান থাকিলেই যথেষ্ট।
তুমি স্বাধীন —তোমাৰ পচন্দৰ জীৱন বাচি ল’বলৈ।
আৰু মইয়ো স্বাধীন —নিজ মূল্য নকমাই বাচিবলৈ।
মই কাকো প্ৰমাণ দিব নালাগে যে মই যথেষ্ট।
মই যথেষ্ট—নিজেই নিজৰ বাবে।
সৰল অৰ্থত এতিয়া তুমি সম্পূৰ্ণভাৱে তোমাৰ
আৰু মই সম্পূৰ্ণভাৱে মোৰ ।
তোমাৰ নামটো এতিয়া মাথোঁ এটা স্মৃতি ,
আৰু মোৰ জীৱনত তুমি—এটা শিক্ষা।
মই কেতিয়াও তোমাক দোষ নিদিওঁ
মানুহ সলনি হয়
অনুভূতি সলনি হয়
অগ্ৰাধিকাৰ সলনি হয়,
সেয়া স্বাভাৱিক।
অস্বাভাৱিক আছিল মাথোঁ
নিজক উপেক্ষা কৰি
এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ মোৰ জেদ।
এতিয়া আৰু সেই জেদ নাই
নাই কোনো প্ৰমাণ দিয়াৰ প্ৰয়োজন,
নাই কোনো ব্যাখ্যা আগবঢ়োৱাৰ দায়।
মই আঁতৰি আহিলো
কোনো কোলাহল নকৰাকৈ,
কোনো অভিযোগ নকৰাকৈ ,
মাথোঁ এটি উপলব্ধি লৈ
নিজা শান্তি সকলোতকৈ মূল্যৱান।
তুমি তোমাৰ পথত আগবাঢ়া,
আৰু মই মোৰ পথত।
দুয়ো পথ হয়তো কেতিয়াও আক’ এক নহ’ব,
আৰু তাত মোৰ কোনো দুখ নাই,
কাৰণ লগ হওঁতা সদায় একেলগে থাকিবলৈ নহয়
কিছুমানে মাথোঁ শিক্ষা দিবলৈ আহে।
এই চিঠি কোনো আৱেগিক আহ্বান নহয়
ই এক নীৰৱ স্বীকৃতি
অন্ততো সুখ আছে।
এতিয়া মই শান্ত।
এতিয়া মই সম্পূৰ্ণ।
