অণুগল্প
মই এটা মৃতদেহ
মুন শৰ্মা, লখিমপুৰ
কি খবৰ! ভালে আছা!
হয় ভালে আছোঁ, তুমি ভালে আছা নে?
মোৰ খবৰ কি কম, এটা বৰ্তমান মৃতদেহ।
মানে…? মই কিন্তু একো বুজা নাই কথাটো।
মানে তুমি বিহীন হৈ পৰা পাছৰ পৰা মই মৰি মৰি জীয়াই থকা এটি জীয়া মৃতদেহ ৰূপী মানুহ হৈ আছোঁ আজি অতদিন।
বহু বছৰৰ পাছত লগ পোৱা, একালৰ বন্ধু, পাছত প্ৰেম, তাৰ পাছত বিচ্ছেদ এতিয়া আনৰ পত্নী অৰুণিমাৰ বুকু খন খুন্দা মাৰি ধৰিল অজয়ৰ কথাটো শুনি।
