মই আধুনিক – মনোজ বৰা

PC - NUS News
মই আধুনিক
মনোজ বৰা, যোৰহাট
আজি পশ্চিমীয়া সংস্কৃতিয়ে ছানি ধৰিছে
কিন্তু এইবোৰ কিমান দিনলৈ ?
নিজৰ সংস্কৃতিক জলাঞ্জলী দি আধুনিকতাৰ
পোছাক পিন্ধা সভ্য সমাজৰ ভদ্ৰলোক মই।
নাই মোৰ কোনো স্থিৰতা ইয়াত নাই কোনো
অপশক্তি চাল নিজেই নিজক বিক্ৰ কৰিছোঁ।
আধুনিক হবলৈ গৈ মই বিক্ৰী কৰি দিছোঁ
মোৰ আইক জলাঞ্জলী দিছোঁ নিয়ম কানুন।
মই এ সভ্য সমাজৰ আধুনিক নিবিচাৰোঁ মই
নগ্ন বুকুৰ মৰম, বিচাৰোঁ মাথোঁ মই শব্দৰ মায়াজাল ।
মই নহওঁ পার্কৰ এন্ধাৰ এচুকৰ সেই প্রেমিক
লাইটৰ পোহৰত নকৰোঁ মই কোনো নাৰীৰ
শ্লিলতা হানি মই এ সেই আধুনিক ।