মই আকাশ চুব খোজোঁ  – কল্যাণী গগৈ

Pc Shutterstock

মই আকাশ চুব খোজোঁ 

কল্যাণী গগৈ (মুনু)
চিলাপথাৰ, ধেমাজি 

অন্যায়ৰ পথেৰে নহয়,
সত্যৰ অনুসন্ধানেৰে
মই আকাশ চুব খোজোঁ।
হিংসা,দ্বিধাবোধেৰে নহয়,
অহিংসা আৰু সৰলতাৰে
সকলোৰে সতে মিলি
সফলতাক আজুৰি আনিব খোজোঁ।
অন্যায়,অবিচাৰ নীৰৱে সহ্য কৰি নহয়,
সত্যৰ পথত থাকি অন্যায়ৰ বিৰুদ্ধে যুঁজি
এখনি সভ্য সমাজ গঢ়িব খোজোঁ।
অন্ধবিশ্বাস,অপবাদ আৰু
কুসংস্কাৰক প্ৰশয় দি নহয়,
বিজ্ঞানৰ নৱ চিন্তাৰ সতে আগুৱাই
সত্যক প্ৰতিপন্ন কৰিব খোজোঁ।
ধনী-দুখীয়া বুলি গণ্য কৰি নহয়,
উচ্চ-নীচ ভেদ ভাৱ আঁতৰাই
সমাজৰ সকলোকে
একতাৰ দোলেৰে বান্ধি,
সম মৰ্যদাৰ অধিকাৰী হিচাপে
প্ৰতিষ্ঠিত কৰিব খোজোঁ।
হয়, মই আকাশ চুব খোজোঁ
কিন্তু অকলে নহয়,
জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে
ঐক্য হৈ সপোন পূৰণৰ বাবে
হাতে হাত ধৰি আগুৱাব খোজোঁ।
দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদী হৈ
সমাজত ন্যায় আৰু ঐক্য স্থাপন কৰি
মই আকাশ চুব খোজোঁ।