মইনাৰ সপোন
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও
মইনাৰ মনত মহা ফূৰ্তি
দিলে গৰম বন্ধ।
শুৱ পাৰিম দেৰিলৈকৈ
আমাৰ স্কুল বন্ধ ।
এইকেইদিন নকৰো
মই পঢ়া-শুনা
সমনিয়াৰ লগত
গৈ কৰিম খেলা-ধূলা।
ৰমেনহঁতৰ লগত গৈ
মলুৱা ককাৰ বাৰীত
পকা, পকা আম-জামু খাম বুটলি ।
টোপনিতে মইনাই দেখে
ৰঙীন ৰঙীন সপোন ,
তেনে সময়তে মাকে আহি
মইনাক কাণত দিলেহি চেপা।
বেলি দোপৰ হল আৰু কিমান নুশুৱ
গৰম বন্ধ হল বুলি পঢ়া-শুনা কিয় নকৰ।