মইও কাৰোবাৰ প্ৰাৰ্থনাত আছোঁ
ৰিতু ভৰালী,যোৰহাট
কেতিয়াবা এনেকুৱাও হয়, তেওঁ কথাষাৰ ক’লে চকুলো বৈ আহে -তুমি ইমান চিন্তা কৰি নাথাকিবা।মই প্ৰাৰ্থনা কৰিছোঁ তোমাৰ বাবে।কালি নামঘৰত বন্তি জ্বলাই আহিছোঁ।সকলো ঠিক হ’ব।তুমি মন মাৰি থাকিলে ঘৰখনৰ জানো ভাল লাগে।মোৰ বিশ্বাস আছে ভগৱানৰ ওপৰত।তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিব। তুমি সদায় আনৰ বাবে কাম কৰিছা, আনৰ বাবে সময় দি আহিছা,আনৰ দুখত সমভাগি হৈ সদায় আনৰ সুখৰ কথা ভাবিছা,আনৰ বাবে কান্দিছা।তুমি পোহৰ বিলোৱা মানুহ।নিজস্ব চিন্তাখিনি বিলাই আনক পোহৰাই ৰাখিবলৈ অহৰহ চেষ্টা কৰিছা। আনক সহায় কৰি নিজে উদং জেপ এটাত কুশলে আছোঁ বুলি হাঁহিব শিকিছাঁ। আনৰ সুখত হাঁহি-আনৰ দুখত দুখী হৈ পৰজনৰ বাবে কাকূতি কৰিছা ঈশ্বৰক।ইমানৰ পিছত জানো তোমাৰ বাবে প্ৰাৰ্থনা নজনাব কোনেও।বাৰু বাদ দিয়া তেওঁলোকৰ কথা।বিশ্বাস ৰাখা তোমাৰ কৰ্মই তোমালৈ নিশ্চয় প্ৰাৰ্থনা জনাব।কোনে কয়-কৰ্ম উশাহহীন বুলি।মিছা কথা।মানুহৰ কৰ্মবোৰ সাৰে ৰই উচিত সময়ৰ বাবে।কৰ্মবোৰ আশীৰ্বাদৰ বাবে ৰৈ থাকে পুৱালৈ। কাৰণ পুৱাৰ উচ্চাৰণবোৰ চিৰসত্য আৰু পবিত্ৰ।এই খুজি নোলোৱা কথাবোৰৰ বাবে বহুবাৰ কান্দিছোঁ।পাক লাগি ৰৈ যোৱা সূতাডাল টানি টানি নিজকে বুজাইছোঁ প্ৰতিষ্ঠা কৰাৰ হেঁপাহত। কথাবোৰ সামৰি
বুকু উফন্দাই তেওঁলোকক ক’বলৈ মন যায় কেতিয়াবা-
‘মইও কাৰোবাৰ প্ৰাৰ্থনাত আছোঁ’।