মংগলদৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ উদ্যোগত মহাবিদ্যালয় কেণ্টিনৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন 

মংগলদৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ উদ্যোগত মহাবিদ্যালয় কেণ্টিনৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন 

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়ৰ ‘প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ’ উদ্যোগত মহাবিদ্যালয়খনৰ কেণ্টিনৰ আধাৰশিলা স্থাপন অনুষ্ঠান যোৱা ২৯ চেপ্তেম্বৰত সম্পন্ন হয়। প্ৰাপ্ত তথ্য অনুসৰি ৰাতিপুৱা ১১ বজাত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ ,মংগলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সভাপতি গুৰুজোতি দাসে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়খনৰ অধ্যক্ষ পংকজ সাহা, উপাধ্যক্ষ ৰঞ্জিত শৰ্মা,IQCA ৰ সমন্বয়ক তথা সহকাৰী অধ্যাপক ড° হেমন্ত চক্ৰৱৰ্তী, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা সহকাৰী অধ্যাপক শ্যামল কুমাৰ বিশ্বাস,মংগলদৈ পৌৰসভাৰ উপপৌৰপতি তথা প্ৰাক্তন ছাত্ৰ অচুত দাস প্ৰমুখ্যে শতাধিক প্ৰাক্তন আৰু অধ্যয়ণৰত শিক্ষাৰ্থী । উল্লেখ্য যে উক্ত কেন্টিন খন সম্পূৰ্ণ হৈ উঠিলে মহাবিদ্যালয় খনৰ বহুদিনীয়া অভাৱ পূৰণ হ’ব বুলি শিক্ষাৰ্থী সকলে আশা প্ৰকাশ কৰে। প্ৰাক্তন শিক্ষাৰ্থী চাহাবুদ্দিন আহমেদে আতঁ ধৰা অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়াই শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক সুদীপ চৌধুৰীয়ে ।