” ভৱিষ্যত নিৰ্ভৰ কৰে আমাৰ বৰ্তমানৰ কৰ্মৰ ওপৰত “- ব্ৰহ্মাকুমাৰ আকাশ সাহা

PC - Adobe Stock

” ভৱিষ্যত নিৰ্ভৰ কৰে আমাৰ বৰ্তমানৰ কৰ্মৰ ওপৰত “

মনোবিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণাত এটা অতি গুৰুত্বপূৰ্ণ কথা বিচাৰি পাইছে যে ২৪ ঘণ্টাত মানুহৰ মনত প্ৰায় ৩০-৩৫ হাজাৰ বিচাৰ বা চিন্তা চলি থাকে। ইয়াৰ ভিতৰত ইতিবাচক, নেতিবাচক, ব্যৰ্থ আৰু প্ৰয়োজনীয় চিন্তা চলে । প্ৰায় ৮০% নেতিবাচক আৰু ব্যৰ্থ চিন্তা, ১০% ইতিবাচক আৰু ১০% প্ৰয়োজনীয় চিন্তা চলে । নেতিবাচক আৰু ব্যৰ্থ চিন্তাই আমাৰ মানসিক আৰু আধ্যাত্মিক শক্তি নিষ্কাশন কৰে । ই আমাৰ শাৰীৰিক শক্তিৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ ফলত দিনৰ শেষত আমি ক্লান্ত অনুভৱ কৰো, ৰাতি ভালদৰে শুব নোৱাৰো, মানসিক চাপৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ,ফলত হতাশাই ঠাই লয়।
আমি যদি মানসিক চাপমুক্ত আৰু চিন্তামুক্ত হ’ব বিচাৰো, তেন্তে আমি অতীতৰ কথাবোৰ পাহৰি যাব লাগিব। অতীতৰ কথাবোৰ মনত ৰখাত, বৰ্তমানৰ মনৰ সুখবোৰ নোহোৱা হৈ গৈছে,যাৰ ফলত জীৱনৰ আনন্দ শূন্য হৈ গৈছে । মনত আঘাতজনক স্মৃতি আনি এনে লাগে যেন দুখবোৰ কিনিছোহে । সেইবাবে অতীত পাহৰি যাওক। যিটো মুহূৰ্ত পাৰ হৈ গ’ল, তাক মনত পেলাই কি পাবো! কেৱল দুখ আৰু অশান্তিহে পাবো । অতীত আৰু ভবিষ্যত আমাৰ হাতত নাই, কেৱল বৰ্তমান আমাৰ হাতত আছে, আমি যিমান বিচাৰো তাৰ সুবিধা ল’ব পাৰো। বৰ্তমান অৰ্থাৎ আজি শ্ৰেষ্ঠ কৰ্ম সম্পাদন কৰাৰ কলম আমাৰ হাতত আছে। ভৱিষ্যত নিৰ্ভৰ কৰে আমাৰ বৰ্তমানৰ কৰ্মৰ ওপৰত। যি পাৰ হৈ গ’ল সেইটো চিন্তা কৰি কি পাবো ? বৈ যোৱা নৈৰ একেখনী পানীতে দুবাৰ হাত ধুব পাৰি নেকি ? এক চেকেণ্ড বা দুই চেকেণ্ডৰ আগতে হাত ধোৱা পানীয়ে বহু দূৰ আগুৱাই গৈছে। সেইবাবেই এক মিনিট বা এক ঘণ্টা আগতে যিয়েই নহওক কিয়, সময় নষ্ট নকৰাকৈ পাহৰি যাওক, মনটোক উন্নত আৰু ভাল চিন্তাত কেন্দ্ৰীভূত কৰক। ইমান সহজ নহয়, তথাপিও অহৰহ অনুশীলন আৰু পৰ্যবেক্ষণ কৰিলে ই সম্ভৱ হ’ব পৰিব। ই নিশ্চয় কঠিন কিন্তু অসম্ভৱ নহয়। আজি মানুহে নিজৰ ভৱিষ্যতৰ চিন্তাত বা তাৰ বাবে পৰিকল্পনা কৰাত ইমানেই ব্যস্ত হৈ পৰিছে যে তেওঁলোকে বৰ্তমানৰ সুখবোৰ পাহৰি গৈছে আৰু অতীতত তেওঁলোকৰ হাতৰ পৰা যিবোৰ সুযোগ ওলাই গৈছে, সেইবোৰৰ বাবে তেওঁলোক বিচলিত আৰু দুখী হৈ পৰিছে । মনোৰোগ বিশেষজ্ঞসকলে ইয়াক চিকিৎসা ভাষাত Hyperopia বুলি কয়, অৰ্থাৎ অত্যধিক দূৰদৰ্শীতা। ইয়াৰ বিপৰীত শব্দটো হ’ল Myopia, যাৰ অৰ্থ হৈছে অদূৰদৰ্শিতা।
স্কুলত থাকোতে কলেজৰ কথা ভাবি থাকোঁ যে আমি তাত বহুত মজা কৰিম,আৰু যেতিয়া কলেজত পঢ়ো, তেতিয়া কেৰিয়াৰৰ কথা ভাবো । পিচত আকৌ ব্যৱসায়ত সোমাই গ’লে ভৱিষ্যত সুৰক্ষিত কৰাৰ কথা চিন্তা কৰোঁ । যদিও আমি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিছো, কিন্তু তেতিয়ালৈকে এটা আনন্দহীন জীৱনৰ সন্ধিয়া আহিবলৈ আৰম্ভ কৰে। অৱশ্যে আমি ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বিষয়ে পৰিকল্পনা কৰা উচিত, কিন্তু বৰ্তমানৰ সময়খিনিও আমি সম্পূৰ্ণৰূপে উপভোগ কৰা উচিত। সুখ আৰু আনন্দ ভৱিষ্যতৰ পৰিকল্পনা কৰাত নহয়, বৰ্তমান সময়ত আনক সহায় কৰা আৰু ভাল কৰ্ম কৰাতহে হয়। আমাৰ সকলোৰে ভৱিষ্যত হয়তো বেলেগ বেলেগ কিন্তু মধুৰ সম্পৰ্ক বৰ্তমান জীৱনতহে গঢ়ি তুলিব পাৰো ।

ব্ৰহ্মাকুমাৰ আকাশ সাহা
সৰভোগ,বৰপেটা