ভৰলুমুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱাকালি নিশা মহানগৰীৰ ভৰলুমুখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্রবেগী বিলাসী বাহনে মহটিয়াই নিলে আৰক্ষী বাহনসহ আন কেইবাখনো বাহন। আৰক্ষীয়ে খেদি খেদি ভৰলুমুখৰ ৯নং ৰে’ল গেটৰ পৰা আটক কৰে বাহনখন। দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰা বাহনখন।জানিব পৰা মতে, বাহনখনৰ চালকজনে অত্যাধিক সুৰাপান কৰি চলাইছিল বাহন। ভৰলুমুখ আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে সুৰাপায়ী চালকজনকো আটক কৰে।