ভৰলুমুখত দীনেশ গোস্বামী উৰণ সেতু মুকলি মুখ্যমন্ত্ৰীৰ

ভৰলুমুখত দীনেশ গোস্বামী উৰণ সেতু মুকলি মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা– গুৱাহাটীৰ যান-জঁট নিয়ন্ত্ৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভৰলুমুখত নিৰ্মাণ কৰা দীনেশ গোস্বামী উৰণ সেতুখন উদ্বোধন কৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে পাণবজাৰত শৰাইঘাটৰ ৰণৰ স্মৃতিসৌধ উদ্বোধন আৰু ব্ৰহ্মপুত্র নদীপাৰ উদ্যান সম্প্ৰসাৰণ প্ৰকল্পৰ শিলান্যাস কৰে।  ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰিত্বত ৯৯ কোটি টকা ব্যয়েৰে মুঠ ১.০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ক্ষিপ্ৰতাৰে নিৰ্মিত ৰে’ল উৰণ সেতুখনৰ বাবে ভৰলুমুখত ৰে’ল লাইনৰ ওপৰেৰে নিৰৱচ্ছিন্ন যান-বাহন চলাচল সম্ভৱ হ’ব, ৰে’ল ক্ৰছিংজনিত দুর্ঘটনা হ্রাস পাব আৰু ভৰলুমুখ ট্রেফিক পইণ্টত যান-জট হ্রাস পাব। উৰণ সেতুখন প্রাক্তন কেন্দ্রীয় মন্ত্রী প্রয়াত দীনেশ গোস্বামীৰ নামেৰে নামকৰণ কৰা হৈছে।

আনহাতে, ঐতিহ্য, প্ৰকৃতি আৰু আধুনিকতাৰ সুন্দৰ সমন্বয়েৰে মহানগৰীৰ সৌন্দৰ্যবৰ্ধনৰ দিশত নৱতম সংযোজন হিচাপে প্রায় ২.৫ একৰ ভূমিত বিস্তৃত ব্রহ্মপুত্র নদীপাৰ উদ্যান প্ৰকল্পৰ তৃতীয় পৰ্যায়ৰ মুখ্য আকর্ষণ হৈছে সাংগীতিক ফোঁৱাৰাৰ সৈতে এটা পুখুৰী। পুখুৰীটোৰ কাষত শৰাইঘাট যুদ্ধৰ মহানায়ক লাচিত বৰফুকনৰ সৈতে মোগলৰ বিৰুদ্ধে যুঁজ দিয়া বীৰ যোদ্ধাসকলৰ স্মৃতিত এটা স্মাৰক স্থাপন কৰা হৈছে। স্মাৰকটোৰ নক্সাত উজনি অসমৰ পৰম্পৰাগত আহোম স্থাপত্যৰ আৰ্হি অনুসৰণ কৰা হৈছে। ইয়াত শৰাইঘাট যুদ্ধৰ ১৩২জন বীৰৰ নাম খোদিত কৰি তেওঁলোকৰ আত্মবলিদানক শ্রদ্ধা জনোৱা হৈছে।  শৰাইঘাট ৰণৰ স্মৃতিসৌধ উদ্বোধনী আৰু ব্ৰহ্মপুত্র নদীপাৰ উদ্যানৰ সম্প্ৰসাৰণৰ শিলান্যাস উপলক্ষে আয়োজিত অনুষ্ঠানটোত মুখ্যমন্ত্রী ড° শর্মাই ভাষণ দি কয় যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদ্যাপনৰ সময়ত লাচিত বৰফুকনক কেন্দ্ৰ কৰি বহুতো লেখা, প্রবন্ধ আৰু পুস্তিকা প্রকাশ হৈছিল।

তাৰ আলমত লাচিত বৰফুকনৰ সৈতে শৰাইঘাটৰ যুদ্ধত যুঁজ দিয়া বীৰসকলৰ বিষয়ে সম্যক ধাৰণা সম্মুখলৈ আহিছিল। সাঁচিপাতৰ পুথিত বীৰ লাচিত বৰফুকনক বিভিন্ন ধৰণে সহায় কৰা স্বৰ্গদেউ, বুঢ়াগোহাঁই, বৰগোহাঁই আদিকে ধৰি ১৩২গৰাকী বীৰৰ নাম পোৱা গৈছিল। তেওঁলোকৰ পদমর্যাদা অক্ষুণ্ণ ৰাখি এই ৰণৰ স্মৃতিসৌধটো নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়ে সেই সময়ৰ আহোম শাসন ব্যৱস্থা, যুদ্ধৰ প্রস্তুতি, স্বকীয় পৰম্পৰা, বিভিন্ন জাতি-জনগোষ্ঠীৰ সৈতে সমন্বয় আদিৰ বিষয়েও ৰাইজক অৱগত কৰিব। তেওঁ কয় যে গুৱাহাটী উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশৰ পুৰণা বাসভৱনটোক হেৰিটেজ ছাইট হিচাপে সংৰক্ষণ কৰি তাত এটা টেক্সটাইল মিউজিয়াম গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে আৰু সেই বাসভৱনটোৰ পিছফালেৰে ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে ৰিভাৰ ফ্রন্ট উদ্যানখন সংযোগ কৰাৰ বাবেও চিন্তা-চৰ্চা কৰা হৈছে।

তেওঁ কয় যে ১০ মার্চত উদ্বোধন হ’বলগীয়া নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ উৰণ সেতুখন মহাৰাজ পৃথুৰ নামত নামকৰণ কৰাৰ সিদ্ধান্ত কৰা হৈছে। তদুপৰি, যোৰহাটত ১১ মাৰ্চত উদ্বোধন হ’বলগীয়া উৰণ সেতুখনৰ নাম ‘মণিৰাম -পিয়লি’ৰ নামেৰে নামকৰণ কৰা হ’ব। তেওঁ কয় যে প্রযুক্তিগত বিকাশৰ লগতে নতুন প্রজন্মই অসমৰ ঐতিহ্য, পৰম্পৰাৰ বিষয়ে অৱগত হ’ব লাগিব। গৌৰৱময় ইতিহাসৰ সৈতে আধুনিক প্রজন্মক সংযোজিত কৰি অসমীয়া জাতি আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আধুনিক অনুষ্ঠানসমূহ ঐতিহ্যৰ সৈতে সংযোজিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। এই স্মৃতিসৌধটোরে গৱেষণাৰ সমলো যোগাব বুলি তেওঁ ভাষণ প্রসংগত উল্লেখ কৰে।

শৰাইঘাট ৰণৰ স্মৃতিসৌধ উদ্বোধনী আৰু ব্ৰহ্মপুত্র নদীপাৰ উদ্যান সম্প্ৰসাৰণৰ শিলান্যাস অনুষ্ঠানত গৃহ আৰু নগৰ পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা প্রমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে উৰণ সেতু উদ্বোধনী অনুষ্ঠানটোত মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া প্রমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।