ভ্ৰাম্যমাণ থিয়েটাৰৰ বিসংগতি
হীৰক কলিতা , স্নাতক পঞ্চম ষাণ্মাসিক,
অসমীয়া বিভাগ , নলবাৰী মহাবিদ্যালয়
অসমৰ প্ৰায় ভাগ মানুহৰে ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰিয় । এই ভ্ৰাম্যমান থিয়েটাৰ সমূহৰ জৰিয়তে সমাজত হোৱা প্ৰতিটো ঘটনাই দৰ্শকৰ আগত সুন্দৰ ভাৱে উপস্থাপন কৰিব পাৰি । কিন্তু অতিৰিক্ত চমক , সাজ – পাৰ , বৈদ্যুতিক যন্ত্ৰ ইত্যাদি ব্যৱহাৰ কৰাৰ ফলত ভ্ৰাম্যমান থিয়েটাৰত বিসংগতিৰ সৃষ্টি হৈছে লগতে দৰ্শকৰ মাজতো নিৰানন্দৰ প্ৰকাশ পাইছে । বৰ্তমান সময়ত যদি এখন ভ্ৰাম্যমাণ থিয়েটাৰত দৰ্শকৰ আঘাত হৈছে আন এখন ভ্ৰাম্যমাণ থিয়েটাৰত আকৌ অভিনেতা বা অভিনেত্ৰী গৰাকী নিজে আঘাতপ্ৰাপ্ত হৈছে । নাটকৰ মৌলিকতা পাহৰি প্ৰায়বোৰ নাটকে এতিয়া চাৰ্কাছ হৈ পৰিছে । বৰ্তমান সময়ত প্ৰতিখন ভ্ৰাম্যমাণ থিয়েটাৰৰ দলৰ মাজতে প্ৰতিযোগিতা কিন্তু এই প্ৰতিযোগিতাৰ কবলত পৰি তেওঁলোকে যাতে নাটকৰ মৌলিকতা হেৰাই নেপেলায় তাৰ প্ৰতি নাট্যকাৰ জনে গুৰুত্ব দিয়া উচিত। গতিকে অত্যাধিক চমক , বৈদ্যুতিক যন্ত্ৰ সমূহ কম পৰিমাণে ব্যৱহাৰ কৰাৰ লগতে নাটকৰ মৌলিকতা বজাই ৰখিলেহে নাটক এখনে দৰ্শকৰ মনত গভীৰ সাঁচ পেলাব পাৰিব । গতিকে এই সকলো দিশৰ ওপৰত নাট্যকাৰ জনে আৰু নাটক খন লগত জড়িত থকা মানুহ বোৰে গুৰুত্ব দিয়া উচিত ।