ভ্ৰাতৃত্ব – বোধৰ এটি সুন্দৰ নিদৰ্শন – নাছিৰ আহমেদ

ভ্ৰাতৃত্ব – বোধৰ এটি সুন্দৰ নিদৰ্শন
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
অতি প্ৰাচীন কালৰ পৰাই ভাৰতীয় সমাজ ব্যৱস্থাৰ বিশেষকৈ হিন্দু, জৈন আৰু শিখ ধৰ্মাৱলম্বী লোকসকলে ৰাখীবন্ধন উৎসৱটি প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমাৰ ৰাতি অতি গাম্ভীৰ্যপূৰ্ণ ভাৱে পালন কৰি আহিছে। এইবছৰ ভাৰতীয় পঞ্জিকা মতে আগষ্ট মাহৰ ৩০ আৰু ৩১ তাৰিখে ( অসমীয়া ভাদৰ মাহৰ ১২ ,১৩ তাৰিখ) ভ্ৰাতৃ আৰু ভগ্নীৰ মাজত পবিত্ৰ বন্ধনৰ উৎসৱটি (যাক ৰক্ষাবন্ধন বা ভাই ফোটা বুলিও কোৱা হয়। ) আমাৰ দেশৰ প্ৰান্তে প্ৰান্তে ভাৰতীয় সকলে উদ্ যাপন কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি লৈছে। এই ৰাখীবন্ধন উৎসৱটিৰ নিয়ম অনুসৰি ভ্ৰাতৃয়ে ( কণিষ্ঠ বা জ্যেষ্ঠ) পূব মুখে ঠিয় বা বহি গোটেই মুখখন পৰিস্কাৰ কাপোৰেৰে ঢাকি ৰাখে আৰু ভগ্নীয়ে ( কণিষ্ঠা বা জ্যেষ্ঠা) পশ্চিম মুখে ঠিয় বা বহি ৰেচম সূতাৰ ৰাখী ভ্ৰাতৃৰ মণিবন্ধত বান্ধি দি ভ্ৰাতৃৰ কপালত এটি চন্দনৰ ফোট লগাই দিয়ে। তাৰ পিছত ভ্ৰাতৃয়ে ভগ্নীক নানা কাপোৰ, সোণৰ অলঙ্কাৰ বা দামী সামগ্ৰী উপহাৰ দিয়ে। ভগ্নীয়ো ভ্ৰাতৃক নানা উপহাৰ দিয়ে। তাৰ পিছত পৰস্পৰে পৰস্পৰক আজীৱন সমন্ধ ৰক্ষা কৰি ইজনে আনজনৰ সুখে- দুখে ভ্ৰাতৃ -ভগ্নী হিচাপে একেলগে থাকিবলৈ প্ৰতিজ্ঞাৱদ্ধ হয়। এই ৰাখীবন্ধন উৎসৱটি ভাৰতৰ অন্য ৰাজ্যত ইমান দিনে পালন হৈ আহিছে। এতিয়া ই অসমতো উদ্ যাপন কৰা দেখা গৈছে। এই ৰাখীবন্ধন কেতিয়াৰ পৰা সূত্ৰপাত হৈছিল বুলি ভালকৈ জনা নাযায় যদিও বেদৰ এটি কাহিনী অনুসৰি বৈদিক যুগৰ পৰাই ইয়াক পালন কৰি অহাৰ সম্ভেদ পোৱা গৈছে।বৈদিক যুগত দেৱতাসকল অসুৰৰ দ্বাৰা আক্ৰান্ত হৈ দূৰ্বল হৈ পৰাত স্বৰ্গৰ দেৱতা ইন্দ্ৰই বৃহস্পতিৰ ওচৰত গৈ অসুৰৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনায়। তেতিয়া বৃহস্পতিৰ পত্নীয়ে শাওন মাহৰ পূৰ্ণিমাত ইন্দ্ৰৰ সোঁহাতত ৰেচমৰ সূতা বান্ধি মন্ত্ৰপূত মাৰি দিলে। তাৰ ফলত দেৱতাসকলে অসুৰক বধ কৰিবলৈ সক্ষম হৈছিল। এই ঘটনাৰ পৰাই ৰাখীবন্ধন উৎসৱটিৰ উৎপত্তি হৈছে বুলি বিশ্বাস কৰা হয়।আন এটি আখ্যান মতে শ্ৰীকৃষ্ণই এখন যুদ্ধত আঘাতপ্ৰাপ্ত হোৱাত দুৰ্যোধন আৰু দুঃশাসনে প্ৰকাশ্য ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰাৰ সময়ত দৈব যোগে শ্ৰীকৃষ্ণই দান কৰা শাৰীৰ আঁচল ফালি শ্ৰীকৃষ্ণৰ আঘাতপ্ৰাপ্ত ঠাইখন বান্ধি দিছিল। তেতিয়াৰ পৰাই এই ৰাখীবন্ধন উৎসৱটি আৰম্ভ হয় বুলি কোৱা হয়।যদিও ৰাখীবন্ধন ভাৰতীয় সমাজ ব্যৱস্থাৰ বিশেষকৈ হিন্দু জৈন আৰু শিখ ধৰ্মাৱলম্বী লোকৰ সৰ্বজানগ্ৰাহ্য উৎসৱ বুলি কোৱা হয়, কিন্তু ভাৰতৰ ঐতিহাসিক যুগত হোৱা কিছু ঘটনাই এই ৰাখীবন্ধন উৎসৱটি কেৱল ধৰ্মীয় উৎসৱৰ মাজত সীমাবদ্ধ নাথাকি ধৰ্ম -নিৰপেক্ষ সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।ৰাজপুতসকলৰ প্ৰচলিত পৰম্পৰা অনুসৰি যেতিয়া ঘৰৰ ভ্ৰাতৃ বা স্বামীসকলে যুদ্ধক্ষেত্ৰত যোৱাৰ বাবে প্ৰস্তুতি চলাইছিল, তেতিয়া ৰাজপুত নাৰীসকলে ভ্ৰাতৃ বা স্বামীসকলৰ সোঁহাতৰ মণিবন্ধত ৰেচমৰ সূতা বান্ধি দিছিল। এই ৰেচমৰ সূতা বন্ধাৰ দ্বাৰা ৰাখীবন্ধনৰ জৰিয়তে ৰাজপুত পুৰুষ সৈনিকসকলে যুদ্ধত জয়লাভ কৰি সুস্থ শৰীৰে ঘৰলৈ উভতি আহিব বুলি আশা কৰিছিল।১৫৩৫ চনত গুজৰাটৰ চুলতান বাহাদুৰ শ্বাহে চিতোৰ আক্ৰমণ কৰাত চিতোৰৰ ৰজাৰ বিধৱা পত্নী কৰ্ণাৱতীয়ে অসহায় বোধ কৰি মোগল সম্ৰাট হুমায়ুনক ৰাখী পঠিয়াই দিয়াত সম্ৰাট হুমায়ুনে অভিভূত হৈ ভগ্নীক ৰক্ষা কৰিবলৈ সেনাবাহিনী পঠিয়াই গুজৰাটৰ চুলতানক পৰাস্ত কৰি চিতোৰ ৰক্ষা কৰে।গ্ৰীকৰ বীৰ আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়তো বীৰ আলেকজেণ্ডাৰৰ পত্নীয়ে ৰজা পুৰুক ৰাখী প্ৰেৰণ কৰি আলেকজেণ্ডাৰক সুস্থ শৰীৰে অক্ষত ভাবে ওভতাই পঠিয়াই দিবলৈ অনুৰোধ কৰিছিল। ৰজা পুৰুয়ো এই অনুৰোধ ৰক্ষা কৰিছিল।এই ঐতিহাসিক ঘটনাসমূহে প্ৰমাণ কৰে যে, ৰাখীবন্ধন কেৱল নিজৰ ৰক্তৰ সম্পৰ্ক ভ্ৰাতৃ- ভগ্নী, স্বামী – স্ত্ৰী বা হিন্দু, জৈন আৰু শিখ ধৰ্মাৱলম্বী লোকৰ মাজত সীমাবদ্ধ নাথাকি পৃথিৱীৰ সকলো ধৰ্মাৱলম্বীৰ মাজত বিশ্ব ভ্ৰাতৃত্ব-বোধ গঢ়ি তোলাৰ এক সুন্দৰ নিদৰ্শন!২০০২ চনত গোধ্ৰাকাণ্ডৰ সময়ত হোৱা ঘটনা প্ৰত্যক্ষ কৰি ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজধৰ্ম পালন কৰিবলৈ পৰামৰ্শ দিছিল। কাৰণ, দেশৰ উচ্চ আসনত উপবিষ্ট এজন মন্ত্ৰীয়ে ৰাজধৰ্ম অনুযায়ী দেশৰ সকলো ধৰ্মাৱলম্বীৰ লোকক সম দৃষ্টিৰে চোৱা দৰকাৰ।বহুদিনৰ মূৰত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কথা সাৰোগত কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাখীবন্ধনৰ দিনা হিন্দু ভ্ৰাতৃয়ে মুছলমান ভগ্নীক বা পৰস্পৰে পৰস্পৰক ৰাখীবন্ধনৰ জৰিয়তে গভীৰ ভালপোৱা আৰু শ্ৰদ্ধা নিবেদন কৰিবলৈ দিয়া পৰামৰ্শ নিঃসন্দেহে ইতিহাসৰ পৃষ্ঠাত অতি উৎকৃষ্ট উদাহৰণ হিচাপে চিহ্নিত হ’ব।