ভ্ৰমণ কাহিনী :মহা মৃত্যু ঞ্জয় মন্দিৰ আৰু বৰদোৱা থান- ৰাজলক্ষ্মী বৰঠাকুৰ

ভ্ৰমণ কাহিনী :মহা মৃত্যু ঞ্জয় মন্দিৰ আৰু বৰদোৱা থান

২০২১ বর্ষৰ শেষত শুভ বৰ দিনৰ দিনা আমি পৰিয়ালৰ সকলোৱে মিলি মহা মৃত্যু ঞ্জয় মন্দিৰ আৰু বৰদোৱা থান চাবলৈ ওলালো । সেইদিনা পুৱা ৬ বাজি ৪৫ মিনিটত ওঁম গণেশ নামৰ এখন টেভেলাৰত উঠি আমি আনন্দ মনেৰে ৰাওণা হলো। ৯ বাজি ২৩ মিনিটত আমি জখলাবন্ধা পাই মহাৰাজা হোটেলত একোকাপ চাহ খালো। তাৰ পিছত মন্দিৰ অভিমুখে ৰাওণা হলো। ১০ বাজি ২০ মিনিটত মহা মৃত্যু ঞ্জয় মন্দিৰত উপস্থিত হলো। তাত আমি সকলোৱে চাকি বন্তি জ্বলাই শৰাই আগবঢ়ালো। নগাঁৱৰ ভেৰভেৰি নৰসিংহ ক্ষেত্রত এই মন্দিৰ স্থাপন কৰা হৈছে। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ এই মহা মৃত্যু ঞ্জয় মন্দিৰৰ উচ্চতা হৈছে ১২৬ফুট। ৬০ বিঘাৰো অধিক মাটি আগুৰি থকা এই মন্দিৰৰ চৌহদত অতিথি শালা এটা কাৰ্য্যলয় গৃহ আৰু প্রেচ কাৰ্য্যলয় আছে। পুৰণা ইতিহাস উদ্ধাৰ কৰি বাবা ভৃগুগিৰি মহাৰাজে ঠিক কৰিলে সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যু ঞ্জয় মন্দিৰ ইয়াতে নিমার্ণ হব। তাৰ পিছত আমি বৰদোৱা অভিমুখে ৰাওণা হলো। আমি ১২ বাজি ৪৫ মিনিটত বৰদোৱাত উপস্থিত হলো। হৰি নামৰ ধ্বনিৰে মূখৰিত হৈ থকা বৰদোৱা থানত ভৰি দি মনতো পবিত্রতাৰে ভৰি পৰিল। গুৰুজনাৰ পদযুগল দেখিবলৈ পাই কৃতার্থ হলো। বৰদোৱা থানত দক্ষিণে নামঘৰ পশ্চিমে শিলিখা গছ যত বহি গুৰুজনাই পুস্তক লিখিছিল। উওৰে আকাশী গঙ্গা ভক্তি সৰোবৰ বিৰাজ মান হৈ আছে। আমি সকলোৱে নামঘৰত সোমাই সেৱা জনালো। আকৌ এবাৰ অহাৰ হেপাহ মনত লৈ ঘৰ অভিমুখে ৰাওণা হলো।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট