ভোলাগাঁৱত জ্যেষ্ঠ ব্যক্তি মজিবুৰ ৰহমানক মাৰধৰ কৰাৰ অভিযোগত বিজেপি নেতা চিৰাজ আলিক যোৱা নিশা আটক আৰক্ষীৰ
চিৰাজ আলীক আটকৰ পিছত নিশাই পলাশবাৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি প্ৰায় দুই শতাধিক সমৰ্থকৰ
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভোলাগাঁৱত মজিবুৰ আলী নামৰ এগৰাকী জ্যেষ্ঠ ব্যক্তিক ভোলাগাঁও ৰাইজ গয়ৰহৰ সভাপতি তথা বৰ্তমান বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ঘনিষ্ঠ মঃ চিৰাজ আলীয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগত যোৱা ৭ মাৰ্চ শুক্ৰবাৰে চিৰাজ আলীক পলাশবাৰী আৰক্ষীয়ে আটক কৰে। এনে ঘটনাক লৈ দক্ষিণ কামৰূপ অঞ্চলটোত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অভিযোগমতে,চিৰাজ আলীয়ে কোনো কথাকলৈ ভোলাগাঁৱৰ মজিবুৰ ৰহমানক মাৰধৰ কৰিছিল। সেইমতে ৰহমানে ন্যায় বিচাৰি পলাশবাৰী আৰক্ষী থানাত এটি গোচৰ দিছিল। ইয়াৰ পিচতে আৰক্ষীয়ে চিৰাজ আলীক আটক কৰে। কিন্তু পলাশবাৰী আৰক্ষীয়ে চিৰাজ আলীক ভোলাগাঁৱৰ নিজ বাসগৃহত পৰিয়ালৰ লোকৰ মাজৰ পৰা এক প্ৰকাৰ দুৰ্ধৰ্ষ অপৰাধীৰ দৰে আটক কৰি থানালৈ অনাৰ পিচতে অঞ্চলটোত আন এক চাঞ্চল্যৰ সৃষ্টি কৰে। আৰক্ষীয়ে চিৰাজ আলীক কৰা আটকৰ খবৰ বিভিন্ন মাধ্যমত বিয়পি পৰাৰ পিচতে দক্ষিণ কামৰূপৰ ৰামপুৰ, বিজয়নগৰ, মিৰ্জা, ভোলাগাঁও, বৰিহাট, পলাশবাৰী, বাগান, মুদুকী, লোহাৰঘাট, তিনিআলি, ধোপগুৰি, উৰপুত, কুমেৰীয়া আদি বিভিন্ন ঠাইৰ পৰা অহা দুশৰো অধিক সমৰ্থকে পলাশবাৰী থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এই ঘটনাত আৰক্ষীয়ে হতবাক হৈ পৰি সমৰ্থকসকলক দূৰলৈ খেদি পঠিয়ায়। চিৰাজ আলীৰ এই সমৰ্থকসকলে পলাশবাৰী আৰক্ষী থানাৰ কাষতে ভীৰ কৰি থকাত আন কিবা ঘটনা সংঘটিত হোৱাৰ আশংকাত বিজয়নগৰ আৰক্ষীৰ চকীৰ লোককো এই নিৰাপত্তাৰ বাবে নিয়োগ কৰে। আনকি এটি দুষ্ট চক্ৰই ৭ মাৰ্চৰ নিশাই থানাৰ আশে পাশে ঘূৰি মজিবুৰ আলীক আক্ৰমণৰ ঘটনাৰ প্ৰকৃত কথা এৰি হিন্দু মুছলমানৰ প্ৰসংগৰে সাম্প্ৰতিক বিষবাষ্প বিয়পাই অঞ্চলটোত হিন্দু মুছলমানৰ মাজত এখন যুঁজ লগাই দিবলৈ চেষ্টা অব্যাহত ৰাখে। এই সমগ্ৰ ঘটনাই নিশালৈ থানাৰ কাষতে উত্তপ্ত পৰিস্থিতি হৈ থকাত চিৰাজ আলীক আৰক্ষীয়ে সেইদিনাৰ নিশাই স্বাস্থ্য পৰীক্ষা কৰি জামিন দিয়ে। এই জামিনৰ পিচত ভীৰ কৰি থকা সমৰ্থকসকলে চিৰাজ আলীক ভোলাগাঁওৰ নিজ বাসগৃহত থৈ যায়। নিশা প্ৰায় দুই বজালৈ চিৰাজ আলীৰ বাসগৃহত পুৰুষ মহিলাই ভীৰ কৰি তেওঁৰ বুজ লয়। আনহাতে চিৰাজ আলীয়ে মজিবুৰ ৰহমানক মাৰধৰ নকৰা বুলি উল্লেখ কৰি দুখ প্ৰকাশ কৰে। তেওঁক চিৰাজ আলীৰ বিৰুদ্ধে এটি দুষ্ট চক্ৰই উচটাই দিয়া বুলি কয়। অৱশ্যে আৰক্ষীয়ে পৰৱৰ্তীকালত এই মজিবুৰ ৰহমানৰ ঘটনাক কি হিচাপে লয়,সেয়া লক্ষণীয় হ’ব।