ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ শুনানিৰ আজি অন্তিম দিন

Pc The Hindu

ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ শুনানিৰ আজি অন্তিম দিন

ৰঙিলী বাৰ্ত্তাসেৱা– আজি বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণৰ প্ৰক্ৰিয়া অন্ত পৰিব। উল্লেখ্য যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বাবে যোৱা ১৭ নৱেম্বৰত জাৰি কৰা হৈছিল অধিসূচনা। এই অধিসূচনা অনুসৰি ভোটাৰৰ নাম সংশোধনী, নতুন নাম অন্তর্ভুক্তি, সমষ্টি সালসলনি প্ৰক্ৰিয়াৰ লগত জড়িত ওজৰ-আপত্তিসমূহ ২২ জানুৱাৰীৰ ভিতৰত দাখিল কৰাৰ সময়সীমা নির্ধাৰণ কৰা হৈছিল। যোৱা ১৮ জানুৱাৰীত ৰাজ্যিক নির্বাচন আয়োগে আন এক অধিসূচনাৰ জৰিয়তে  আজি দাবী আৰু আপত্তিৰ অন্তিম দিনৰ কথা উনুকিয়াই ভোটাৰক ওজৰ-আপত্তি দাখিলৰ আহ্বান জনাইছে। উল্লেখ্য যে নির্বাচন আয়োগে ইতিমধ্যে ৬ লাখ অভিযোগ-আপত্তি নিষ্পত্তি কৰাৰ বিপৰীতে ১৯ লাখতকৈও অধিক অভিযোগ নিষ্পত্তি কৰিবলৈ বাকী আছে। ৰাজ্যত কেইবাটাও সমষ্টিত দুঠাইত নাম থকা ভোটাৰৰ বিৰুদ্ধেও উত্থাপিত হৈছে ২৬,৮৩,০২৯টা অভিযোগ। সমূহ অভিযোগ নিষ্পত্তিৰ পাছতেই অহা ১০ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ’ব চূড়ান্ত ভোটাৰ তালিকা। ইয়াৰ পূৰ্বে ২৭ ডিচেম্বৰত প্ৰকাশ কৰা হৈছিল খচৰা ভোটাৰ তালিকা। ১৭ নৱেম্বৰত জাৰি কৰা অধিসূচনাৰ জৰিয়তে ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি, বিলোপ, সংশোধন বা বাসস্থানৰ সালসলনিৰ বাবে আবেদন দাখিলৰ আহ্বান জনোৱা হৈছিল। যোগ্য নাগৰিকে ৬, ৭ আৰু ৮নং প্ৰ-পত্ৰৰ জৰিয়তে ২২ জানুৱাৰীৰ ভিতৰত সংশোধন অথবা সমষ্টিৰ সালসলনিৰ বাবে আবেদনৰ সময়সীমা বান্ধি দিয়া হৈছিল। আবেদনকাৰীসকলে নির্দিষ্ট ভোটকেন্দ্রত বিএলঅ’ৰ ওচৰত অনলাইন বা অফলাইনযোগে এই আবেদন দাখিল কৰিব পাৰে। এই আবেদনৰ সময়সীমা আজি অন্ত পৰিব। সেয়েহে ভোটাৰসকলক সংশোধনীৰ বাবে অন্তিম দিনটোত আবেদন দাখিলৰ বাবে আয়োগে শেহতীয়াকৈ অধিসূচনাৰ জৰিয়তে আহ্বান জনাইছে।