ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ ভয়াবহ নিৰ্দেশনা বাতিল কৰক

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ ভয়াবহ নিৰ্দেশনা বাতিল কৰক
অসমৰ স্থায়ী বাসিন্দাৰ হাততহে ভোটাধিকাৰ ন্যস্ত কৰক — আপ

ৰঙিলী বাৰ্ত্তাসেৱা-   বহিঃৰাজ্যৰ পৰা কৰ্মসূত্ৰে দুদিন পূৰ্বে অহা লোকৰ নামো অসমৰ ভোটাৰ তালিকাত অন্তভুক্ত হ’ব বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াজনে কৰা ঘোষণাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আম আদমি পাৰ্টী (আপ), অসমে ৷ এক প্ৰেছ বিবৃতিত আপ, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক(সংগঠন) ৰাজীব শইকীয়াই ক্ষোভেৰে কয়, ইয়াৰ দ্বাৰা নিৰ্বাচন আয়োগে ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়াত জঁট লগাই পক্ষপাতিত্বৰ আশ্ৰয় ল’ব বিচাৰিছে ৷ তেওঁ শংকা প্ৰকাশ কৰি কয়, দেশৰ বহিৰাজ্যৰ পৰা ভোটাৰ তালিকাত নামভৰ্তি কৰিবলৈ যদি বিজেপি সমৰ্থিত ভোটাৰ লাখ লাখ পৰিমাণৰ অনা হয় তেন্তে বিজেপিৰ জয়ৰ সম্ভাৱনা নিশ্চিত হৈ পৰিব ৷ বিজেপিয়ে ইয়াৰ দ্বাৰা ২০২৬ ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰা পৰিকল্পনা কৰিছে বুলি অভিযোগ কৰি শইকীয়াই তৎকালে এই নিৰ্দেশনা বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ প্ৰতি আহ্বান জনাইছে ৷ অসমৰ স্থায়ী বাসিন্দাৰ আধাৰতহে ভোটাৰ তালিকাৰ বিশেষ পুনঃৰীক্ষণ হ’ব লাগে বুলি আপৰ নেতাজনে দাবী কৰে ৷ অসমত ভোটাৰ তালিকাৰ SIR হওক বা SR হওক, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চূড়ান্ত হোৱাৰ পিছতহে হ’ব লাগে বুলি আম আদমি পাৰ্টী, অসমে মতপোষণ কৰিছে ৷ তেখেতে অসমৰ স্থায়ী বাসিন্দাৰ হাততহে ভোটাধিকাৰ ন্যস্ত কৰিবলৈ দাবী জনায় ৷ আপৰ নেতাজনে কয়, অসমৰ স্থায়ী বাসিন্দাৰে প্ৰস্তুত হোৱা ভোটাৰৰ দ্বাৰাহে জনপ্ৰতিনিধিসকল নিৰ্বাচিত হ’ব লাগিব৷