ভোটাৰ তালিকাৰ পৰা অযোগ্য লোকৰ নাম হ’ব কৰ্তন

Pc Times Now

ভোটাৰ তালিকাৰ পৰা অযোগ্য লোকৰ নাম হ’ব কৰ্তন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক নির্বাচন আয়োগে অহা ফেব্ৰুৱাৰী মাহৰ শেষভাগত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিলে। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বাবে দেশৰ নির্বাচন আয়োগে দিয়া নির্দেশৰ ভিত্তিতে অসমত আৰম্ভ হ’ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ। সংবাদ মেলযোগে এই কথা স্পষ্ট কৰিলে ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে। উল্লেখ্য যে দেশৰ নিৰ্বাচন আয়োগে অসমৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ দেওবাৰে নিৰ্দেশ জাৰি কৰিছিল। এই নির্দেশ অনুসৰি কেৱল অসমৰ বাবে প্রযোজ্য এই বিশেষ সংশোধনী প্রক্রিয়া ভোটাৰ তালিকাৰ বাৰ্ষিক নিয়মীয়া সংশোধনী আৰু বিশেষ ব্যাপক সংশোধনীৰ মাজৰ এটা প্রক্রিয়া হ’ব। আয়োগৰ নিৰ্দেশ অনুসৰি ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশ হ’ব আৰু ১০ ফেব্ৰুৱাৰীত প্ৰকাশ হ’ব চূড়ান্ত ভোটাৰ তালিকা।এই প্রসংগত মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কয় যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাত হ’বলগা পুনৰীক্ষণত অযোগ্য লোকৰ নাম তালিকাৰ পৰা কৰ্তন হ’ব। কেৱল সকলো যোগ্য লোকৰ নাম অন্তর্ভুক্ত হ’ব। অর্থাৎ ভাৰতীয় নাগৰিকৰ নামহে ভোটাৰ তালিকাত থাকিব। সমান্তৰালভাৱে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব মৃত্যু হোৱা লোকৰ নাম। তদুপৰি ঠিকনা সলনি হোৱা লোকৰ নাম নির্দিষ্ট এটা স্থানতহে অন্তর্ভুক্ত হ’ব। প্রশ্ন উত্থাপিত হৈছিল- অসমৰ বিভিন্ন স্থানত হোৱা উচ্ছেদৰ পিছত উচ্ছেদিতসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কর্তন হ’ব নেকি? মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে স্পষ্ট কৰে যে যিসকল লোক উচ্ছেদ হৈ আন স্থানত গৈ থিতাপি লৈছে, সেই স্থানত তেওঁলোকৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত হ’ব, উচ্ছেদিত স্থানৰ পৰা নাম কৰ্তন হ’ব তেওঁলোকৰ। আনহাতে বহিঃৰাজ্যৰ পৰা কৰ্মসূত্ৰে অসমত বাস কৰি থকা লোকসকলৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত হ’ব। সংবাদ মেলত মুখ্য নির্বাচনী বিষয়া গোৱেলে ইয়াকো জানিবলৈ দিয়ে যে বিধানসভা নিৰ্বাচনৰ বাবে ২৯,৬৫৬টা ভোটদান কেন্দ্ৰ সাজু কৰা হৈছে আৰু প্ৰতিটো ভোটদান কেন্দ্ৰৰ বিপৰীতে একোগৰাকী বিএলঅ’ সাজু কৰা হৈছে। এইবাৰ নিৰ্বাচনত জনসংখ্যাৰ ভিত্তিত ৰাজ্যত ১,৮২৬টা ভোটগ্রহণ কেন্দ্র বৃদ্ধি পাব। এই ভোটদান কেন্দ্ৰকেইটাৰ বিপৰীতে সমানসংখ্যক বিএলঅ’ক নিযুক্তি দি তেওঁলোকক সুৰক্ষিত কৰা হ’ব। ইফালে ভোটাৰ তালিকাত নতুন নাম অন্তর্ভুক্তি, অযোগ্য লোকৰ নাম কৰ্তন আৰু একাধিক স্থানত থকা নাম কৰ্তনৰ ক্ষেত্ৰত নির্বাচন আয়োগে ঘৰে ঘৰে বিএলঅ’ৰ জৰিয়তে ফর্ম-৬, ফর্ম-৭ আৰু ফর্ম ৮ যোগান ধৰিব। ফৰ্ম-৬ৰ জৰিয়তে নতুন ভোটাৰৰ নাম অন্তর্ভুক্ত কৰিব পাৰিব, ফৰ্ম-৭ৰ জৰিয়তে মৃত ব্যক্তিৰ নাম কৰ্তন আৰু ফৰ্ম-৮ৰ জৰিয়তে নাম শুদ্ধকৰণ, একাধিক স্থানত থকা নাম কৰ্তন কৰিব পাৰিব। ইফালে দেশৰ নিৰ্বাচন আয়োগে দিয়া নির্দেশনা অনুসৰি বিশেষ সংশোধনৰ বাবে অহা ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ ঘৰে ঘৰে যাব বিএলঅ’সকল। ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশ পোৱাৰ পিছত ২৭ ডিচেম্বৰৰ পৰা ২২ জানুৱাৰীলৈকে দাখিল কৰিব পাৰিব ওজৰ-আপত্তি। ইফালে ৰাজ্যত এছআইআৰ চলিব বুলি চলা প্ৰচাৰৰ বিপৰীতে মুখ্য নির্বাচনী বিষয়া গোৱেলে স্পষ্ট কৰে যে অসমত এছআইআৰ নহয়, এছআৰহে চলিব। অর্থাৎ বিশেষ সংশোধনী চলিব ভোটাৰ তালিকাৰ ওপৰত। ইয়াৰ উদ্দেশ্য হ’ল- অযোগ্য লোকক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা। মুখ্য নির্বাচনী বিষয়া গোৱেলে ইয়াকো স্পষ্ট কৰে যে ভোটাৰ তালিকাৰ সংশোধনৰ বাবে প্ৰতিটো ঘৰলৈ বিএলঅ’ যোৱাটো বাধ্যতামূলক। এই বিএলঅ’সকলে ভোটাৰৰ অৱস্থিতি, মৃত ভোটাৰৰ নাম সংগ্ৰহ কৰাৰ লগতে একাধিক স্থানত ভোটাৰৰ নাম আছে নেকি সেই সন্দর্ভতো সবিশেষ তথ্য সংগ্ৰহ কৰিব। এই তথ্যৰ ভিত্তিতে ২৭ ডিচেম্বৰত প্ৰকাশ হ’ব খচৰা ভোটাৰ তালিকা।মুখ্য নির্বাচনী বিষয়া গোৱেলে ইয়াকো জানিবলৈ দিয়ে যে ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছতো ভোটাৰ তালিকাৰ নিয়মীয়া সংশোধনী অব্যাহত থাকিব। অৱশ্যে মুখ্য নির্বাচনী বিষয়া গোৱেলে সকলো ভোটাৰক বিশেষ সংশোধনীৰ সময়তে নতুন ভোটাৰৰ নাম অন্তর্ভুক্তি, নাম সংশোধনী আদি প্রক্রিয়া নিশ্চিত কৰিবৰ বাবে আহ্বান জনায়। কাৰণ ফেব্ৰুৱাৰীৰ শেষভাগত জাৰি হ’ব পাৰে নির্বাচনী অধিসূচনা।